Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

a547bec4 2746 4d31 b9f4 de0d9ea27d5c

Weight Loss :

এটা সময়ত ওজন আছিল ১৫২ কিলোগ্ৰামতকৈ অধিক । আৰু সেই অতিৰিক্ত ওজনৰ বাবেই তেওঁ বহু সমালোচনাৰো সম্মুখীন হৈছিল । মানসিক ভাৱে ভাগিও পৰিছিল। কিন্তু ডিপ্ৰেছনে পিচুৱাব নোৱাৰিলে সামাজিক মাধ্যমত প্ৰভাৱশালী কায়লা লাভেণ্ডে ।

৩৮ বছৰীয়া কায়লাই অৱশেষত ৮৮ কিলোগ্ৰাম হ্ৰাস কৰে । ওজন হ্ৰাস কৰাৰ পাছত, মডেলিং আৰম্ভ কৰিলে কায়লাই । কায়লাই জনাইছে, আগতে কেতিয়াও তেওঁ শাৰীৰিক গঠনৰ বিষয়ে চিন্তা কৰা নাছিল। কিন্তু বিমানৰ এই অভিজ্ঞতাই তেওঁৰ দৃষ্টিভংগী সলনি কৰিলে।

ইয়াৰ পাছতে প্ৰণ লৈ হ্ৰাস কৰিলে ওজন । তেওঁৰ কম বয়সৰ পৰাই থাইৰইডৰ সমস্যা আছিল। তেওঁ নিয়মীয়াকৈ খোৱা আৰু ব্যায়াম কৰাৰ সিদ্ধান্ত লৈছিল যাতে সমস্যাটো নিয়ন্ত্ৰণ কৰিব পৰা যায়।

তেওঁ অনুসৰণ কৰা আহাৰত দিনে ১২০ গ্ৰাম প্ৰ’টিন আৰু ৩০ গ্ৰাম কাৰ্ব আছিল। তেওঁ ‘গেষ্ট্ৰিক বেণ্ড চাৰ্জাৰী’ নামৰ এটা অস্ত্ৰোপচাৰও কৰিছিল।

জীৱনশৈলী সলনি কৰাৰ পাছত, ওজনৰ পৰিৱৰ্তন হয়। এতিয়া তেওঁৰ ওজন ৬৩ কিলোগ্ৰামতকৈ সামান্য বেছি। তেওঁ সামাজিক মাধ্যমতো তেওঁৰ পৰিৱৰ্তন দেখুৱাইছে। ইনষ্টাগ্ৰামত তেওঁৰ হেজাৰ হেজাৰ অনুৰাগী আছে। সৰ্বোপৰি, কায়লা ওজন হ্ৰাস কৰি সুখী।

Exit mobile version