Jacinda Ardern: পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে

WhatsApp Image 2023 01 19 at 7.55.51 PM

Jacinda Ardern:

পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণে । বৃহস্পতিবাৰে জেচিণ্ডাই নিজেই এখন সংবাদমেলত এইকথা জনাই।

প্ৰধানমন্ত্ৰী হিচাপে জেচিণ্ডাৰ অন্তিম কৰ্মদিন হ’ব সাত ফেব্ৰুৱাৰী । ইয়াৰ পাছত ক্ষমতাসীন নিউজিলেণ্ড লেবাৰ পাৰ্টিত তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰা হ’ব।

জেচিণ্ডাই এখন সাংবাদিক বৈঠকত কয়, “বহুত হ’ল, এইবাৰ মই পদত্যাগ কৰিম।” প্ৰধানমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ অনিচ্ছাৰ কাৰণ সম্পৰ্কে সোধাত জেচিণ্ডাই কয়, “এনে বিশেষ পদৰ লগত বৃহৎ দায়িত্বও আহে . আপুনি কেতিয়া নেতৃত্ব দিবলৈ উপযুক্ত ব্যক্তি আৰু কেতিয়া নহয় সেয়া জনাটোও আপোনাৰ দায়িত্ব।”। ”

নিউজিলেণ্ডত অহা বছৰৰ অক্টোবৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। জনমত সমীক্ষাই শাসকীয় লেবাৰ পাৰ্টি আৰু মুখ্য বিৰোধী নেচনেল পাৰ্টিৰ মাজত কঠিন যুঁজৰ ভৱিষ্যতবাণী কৰিছে। তাৰ আগতে, জেচিণ্ডাৰ ঘোষণাক লৈ জল্পনা-কল্পনা চলি আছে।

জেচিণ্ডা ৩৭ বছৰ বয়সত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। সেই সময়ত তেওঁ পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া ৰাজ্যিক নেতা আছিল।

২০২০ চনৰ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ বিশাল বিজয়ৰ পাছত তেওঁ দ্বিতীয়বাৰৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তাৰ পূৰ্বে জেচিণ্ডাই নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী হেলেন ক্লাৰ্ক আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ কাৰ্যালয়ত সহায়ক হিচাপে কাম কৰে ।

Exit mobile version