Air India Fined 30 Lakhs, Pilot’s Licence Suspended For 3 Months:এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনাAir India Fined 30 Lakhs, Pilot’s Licence Suspended For 3 Months:এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনা

পাইলটৰ অনুজ্ঞাপত্ৰ ৩ মাহৰ বাবে নিলম্বিত,ডিজিচিএয়ে বিমান সেৱা সঞ্চালকক তিনি লাখ টকাৰ জৰিমনা

WhatsApp Image 2023 01 20 at 9.16.58 PM

Air India Fined 30 Lakhs, Pilot’s Licence Suspended For 3 Months:

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ব্যক্তিগত খণ্ডৰ বিমান সেৱা প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনা বিহে।

উল্লেখ্য যে ,নিউয়ৰ্ক-দিল্লী অভিমুখী বিমান এখনত এগৰাকী যাত্ৰীয়ে এগৰাকী মহিলা সহযাত্ৰীক উৎপীড়ন কৰাৰ ঘটনা সন্দৰ্ভত ডিজিচিএয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত ডিজিচিএয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ ওপৰত ৩০ লাখ টকাৰ জৰিমনা আৰোপ কৰাৰ লগতে সেই বিমানখনৰ পাইলট-ইন-কমাণ্ডৰ অনুজ্ঞাপত্ৰও তিনিমাহৰ বাবে নিলম্বন কৰা হয়।

পাইলটৰ বিৰুদ্ধে বিমানৰ নিয়ম১৯৩৭ ৰ নিয়ম ১৪১ আৰু ডিজিচিএৰ অসামৰিক বিমান পৰিবহন নিয়মৰ অধীনত নিজৰ কৰ্তব্য পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ঘটনাটোৰ সন্দৰ্ভত দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা সঞ্চালকৰ ওপৰতো ৩ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে।

মনকৰিবলগীয়া যে,বিগত বৰ্ষৰ ২৬ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লী বিমানত সংঘটিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিচিএয়ে চাৰি জানুৱাৰীত এয়াৰলাইনক জাননী জাৰি কৰি ইয়াৰ উত্তৰ দিবলৈ দুসপ্তাহৰ সময় বান্ধি দিয়া হৈছিল ৷

জাননীটোত উল্লেখ কৰা হয় যে,”আপুনি আপোনাৰ দায়িত্ব সঠিকভাৱে পালন কৰা নাই কিন্তু তথাপিও, ন্যায়িক প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত, কেৱল উত্তৰৰ আধাৰতহে পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব ৷

জাননীৰ ম্যাদ উকলি যোৱাৰ পিছত ডিজিচিএ-য়ে বিভিন্ন নিয়ম উলংঘা কৰাৰ বাবে এয়াৰ ইণ্ডিয়াৰ ওপৰত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

Exit mobile version