Hailakandi Police Seizes 600 Urea Bags :চাউলৰ চালানত সাৰৰ সৰবৰাহ

৬০০ বস্তা ইউৰিয়া সাৰ সহ ট্ৰাক জব্দ

WhatsApp Image 2023 01 20 at 2.48.32 PM

Hailakandi Police Seizes 600 Urea Bags :

হাইলাকান্দিত পাঁচগ্রাম আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে পুৱা ভাগত হাইলাকান্দিৰ পাঁচগ্ৰাম আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৰাজ্যখনৰ বাহিৰলৈ অবৈধভাৱে পৰিবহন কৰা ৰাজসাহায্যযুক্ত ইউৰিয়া ভৰ্তি এখন ট্ৰাক জব্দ কৰে।

বাতৰি অনুসৰি ৰাজসাহায্যপ্ৰাপ্ত ইউৰিয়াভৰ্তি ট্ৰাক খন অসমৰ বাহিৰলৈ চোৰাংকৈ নিয়াৰ চেষ্টাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে অৰ্তকিতে অভিযান চলাইছিল। অভিযানত ৬০০ বস্তা ইউৰিয়া সাৰ জব্দকৃত ট্রাক খনৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য চাউলৰ চালানত অবৈধভাৱে সাৰখনি সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে৷ জব্দ কৰা ট্রাকখনৰ নম্বৰ পিৱাই-০২-ভি-৬০১৩ ৷ আৰক্ষীয়ে জানিব দিয় মতে জব্দ কৰা সাৰ খিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা।

এই সন্দৰ্ভত আৰক্ষীয়ে ট্রাকখনৰ চালক আৰু সহঃ চালকক সোধা-পোছাৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version