jonbeel Mela:আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

পাহাৰ - ভৈয়ামৰ সমন্বয় সেঁতুস্বৰূপ জোনবিলত উপস্থিত মুখ্যমন্ত্ৰী,আজি পুৱতি নিশা হ’ব বিনিময় প্ৰথা

WhatsApp Image 2023 01 20 at 4.18.14 PM

jonbeel Mela:

জাগীৰোডৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলাত শুক্ৰবাৰে দুপৰীয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷

গোভা ৰজা দীপছিং দেওৰজাৰ উপস্থিতিত অনুষ্ঠিত মেলা চৌহদ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়,ঐতিহাসিক মেলাখনে মধ্য যুগৰ পৰা পাহাৰীয়া আৰু ভৈয়ামৰ জনজাতি তথা সম্প্ৰদায়সমূহৰ মাজত যোগাযোগ আৰু ভাতৃত্ববোধৰ সমন্বয়ক হিচাপে সোণসেৰীয়া একতাৰ এনাজৰী স্বাক্ষৰ বহন কৰি আহিছে।

বহু শতিকা ধৰি এই পৰম্পৰা অব্যাহত ৰখাটো তিৱা ভাই-ভনীসকলে তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিক দিয়া গুৰুত্বৰ মূর্ত প্ৰকাশ। এই মুহূর্তত মহৎ পৰম্পৰাৰে সমৃদ্ধ বার্ষিক মেলাখনৰ সুচাৰু ৰূপায়ণ তথা সফল সমাপ্তিৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে এই সভাতে মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰে ৷

সভাত মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়কদ্বয় ৰমাকান্ত দেউৰী, আছিফ মহম্মদ নাজাৰ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু গোভা ৰজা দীপছিং দেওৰজা সহ বহুকেইগৰাকী তিৱা ৰাজসভাৰ ৰাজমন্ত্ৰী বিষয়াও উপস্থিত থাকে।

মনকৰিবলগীয়া যে, ইতিমধ্যে সমন্বয়ৰ বাৰ্তা আৰু পিঠিত মেটমৰা সম্ভাৰ লৈ পাহাৰৰ পৰা আহি জোনবিলৰ পাৰত বাহৰ পাতিছেহি মামা-মামীসকলে ৷ শুকুৰবাৰে পুৱতি নিশা অনুষ্ঠিত হ’ব পৰম্পৰাগত বিনিময় প্ৰথা

এই প্ৰথা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকসকলে উভয়ে সামগ্ৰীৰ সাল-সলনি বা বিনিময় কৰে ৷ পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথাই আজিকোপতি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আহিছে ৷ এই জোনবিলক লৈ বহু থলুৱা গীত মাতো আছে ৷

তিৱাসকলৰ লালিলাং, বৰত, লাংখুন আদি বিভিন্ন গীতত জোনবিল মেলাৰ কথা উল্লেখ আছে ৷ জোনবিলে একপ্ৰকাৰে অৰ্থনীতিৰ দিশতো অৰিহণা যোগাই আহিছে ৷ বিনিময় প্ৰথা প্ৰচলিত জোনবিল মেলাই হৈছে অসমৰ বৰ্তমান সময়ৰ একমাত্ৰ হাট ৷

Exit mobile version