jonbeel Mela:
জাগীৰোডৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলাত শুক্ৰবাৰে দুপৰীয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷
বহু শতিকা ধৰি এই পৰম্পৰা অব্যাহত ৰখাটো তিৱা ভাই-ভনীসকলে তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিক দিয়া গুৰুত্বৰ মূর্ত প্ৰকাশ। এই মুহূর্তত মহৎ পৰম্পৰাৰে সমৃদ্ধ বার্ষিক মেলাখনৰ সুচাৰু ৰূপায়ণ তথা সফল সমাপ্তিৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷
উল্লেখ্য যে এই সভাতে মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰে ৷
মনকৰিবলগীয়া যে, ইতিমধ্যে সমন্বয়ৰ বাৰ্তা আৰু পিঠিত মেটমৰা সম্ভাৰ লৈ পাহাৰৰ পৰা আহি জোনবিলৰ পাৰত বাহৰ পাতিছেহি মামা-মামীসকলে ৷ শুকুৰবাৰে পুৱতি নিশা অনুষ্ঠিত হ’ব পৰম্পৰাগত বিনিময় প্ৰথা ৷
তিৱাসকলৰ লালিলাং, বৰত, লাংখুন আদি বিভিন্ন গীতত জোনবিল মেলাৰ কথা উল্লেখ আছে ৷ জোনবিলে একপ্ৰকাৰে অৰ্থনীতিৰ দিশতো অৰিহণা যোগাই আহিছে ৷ বিনিময় প্ৰথা প্ৰচলিত জোনবিল মেলাই হৈছে অসমৰ বৰ্তমান সময়ৰ একমাত্ৰ হাট ৷