Regional Meteorological Center:বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

অসমত পুনৰ হ'ব শিলাবৃষ্টি !

WhatsApp Image 2023 01 20 at 8.40.41 PM

Regional Meteorological Center :

ৰাজ্যত পুনৰ হ’ব পাৰে শিলাবৃষ্টি। অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত প্ৰৱল শিলাবৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে গুৱাহাটীৰ বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই ।

অৱশ্যে এই শিলাবৃষ্টিৰ ঠাই বিশেষে হ’ব পাৰে৷ আনহাতে আগন্তুক পাঁচদিনলৈ ৰাজ্যত অব্যাহত প্ৰচণ্ড শীতপ্ৰৱাহ

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰৰ পৰা মঙলবাৰলৈ জানিবলৈ দিয়া অসম আৰু উত্তৰ -পূৰ্বত শীতৰ প্ৰকোপ অত্যাধিক হ’ব ।

একেদৰে অসম ,মেঘালয়,অৰুণাচল সহ চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনৰ অঞ্চল বিশেষে কিছু পৰিমাণে বৰষুণ আৰু শিলাবৃষ্টিৰ হোৱাৰ আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

উল্লেখ্য যে চলিত সপ্তাহটোত গুৱাহাটী সহ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ শীতৰ লহৰ অব্যাহত আছে ৷

Exit mobile version