101 kg Marijuana Seized In Jorabat :যোৰাবাটত ১০১ কিলোগ্ৰাম মাৰিজুৱানা জব্দ

WhatsApp Image 2023 01 21 at 1.34.10 PM

101 kg Marijuana Seized In Jorabat:

ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত থকাৰ মাজতে যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ মাৰিজুৱানা ৷

এক গোপন সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে ১০১কিলোগ্ৰাম ওজনৰ মাৰিজুৱানা ৷

জব্দকৃত ট্ৰাকখনৰ গোপন কেবিনত কেইটাও প্লাষ্টিকৰ পেকেটৰে মেৰিয়াই থোৱা আছিল ৷ এই সন্দৰ্ভত ট্ৰাক খনৰ চালকজনক আটক কৰা হৈছে যদিও মুল সৰবৰাহকাৰীজন পলায়ন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ট্ৰাক চালকজনক সোধপোছা কৰিছে ৷

উল্লেখ্য যে শুক্ৰবাৰেও মহানগৰ আৰক্ষীয়ে খানাপাৰাত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰিছিল ৩২০ কিলোগ্ৰাম গাঞ্জা

Exit mobile version