Pathaan :
বলিউডৰ জনপ্ৰিয় শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’ অহা ২৫ জানুৱাৰীত চিত্ৰগৃহত প্রদর্শিত হ’ব। ইতিমধ্যে শ্বাহৰুখ আৰু দীপিকা পাড়ুকন অভিনীত এইখন ছবিৰ টিকটৰ অগ্রিম বুকিং অনলাইনত আৰম্ভ হৈছে।
ADVERTISEMENT
চলচ্চিত্র সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰন আদৰ্শই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ‘পঠান’ৰ ১,১৭,০০০ৰো অধিক টিকট ইতিমধ্যে অগ্রিম বুকিং কৰা হ’ল।
আদৰ্শই প্ৰকাশ কৰা তথ্য অনুসৰি, ‘পিভিআৰ’ত ‘পঠান’ৰ ৫১,০০০, আইয়নস্কত ৩৮,৫০০ আৰু চিনেপ’লিচত ২৭,৫০০ৰো অধিক টিকটৰ অগ্রিম বুকিং ইতিমধ্যে কৰা হৈছে।
হিন্দীৰ লগতে তামিল আৰু তেলেগুত অহা ২৫ জানুৱাৰীত দেশৰ প্ৰায় ৯৫০০ৰো অধিক পৰ্দাত ‘পঠান’ প্ৰদৰ্শন কৰা হ’ব।






























