Tripua Election Nomination Submitted:ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ ঘোষণা

মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ জানুৱাৰী

WhatsApp Image 2023 01 21 at 6.12.17 PM 1

Tripua Election Nomination Submitted:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন ৷

ৰাজ্য খনৰ বিধানসভাৰ ৬০ টা সমষ্টিৰ ভোটদান  হ’ব ১৬ ফেব্ৰুৱাৰীত ৷ আনহাতে ভোট গণনা সম্পন্ন হ’ব ২ মাৰ্চত ।

নিৰ্বাচনী প্ৰস্তুতিৰ প্ৰথম পদক্ষেপ হিচাপে ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে জাৰি কৰা জাননী অনুসৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী সকলে ৩০ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ ৷

আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ২ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে

Exit mobile version