Jammu and Kashmir : জম্মুত পুনৰ বিস্ফোৰণ , গণৰাজ্য দিৱসৰ পূৰ্বে উত্তপ্ত উপত্যকা ,

1672631724 kashmir

Jammu and Kashmir :

গণৰাজ্য দিৱসৰ পূৰ্বে কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মু-কাশ্মীৰত সংঘটিত হয় কে’বাটাও বিস্ফোৰণ । যোৱা ২৪ ঘণ্টাত তৃতীয়টো বিস্ফোৰণে কঁপাইছে জম্মুত । এইবাৰ জম্মুৰ চিদ্ৰাৰ বাজলতা অঞ্চলত সংঘটিত হয় এই বিস্ফোৰণ ।

শনিবাৰে মাজনিশা সমগ্ৰ অঞ্চলটো জোকাৰি যায় বিস্ফোৰৰ ফলত সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল। আৰক্ষীয়ে কৈছিল যে বিস্ফোৰণে । আৰক্ষীয়ে জনাইছে এখন ডাম্পাৰ ট্ৰাকৰ টেংক ফাটি বিস্ফোৰণ সংঘটিত হয় ।

শনিবাৰে মাজনিশাৰ কিছু সময়ৰ পাছতে টহলত থকা এজন আৰক্ষীয়ে এখন ট্ৰাক ৰখাই । ট্ৰাকখন তলাচীৰ বাবে ৰখাই দিয়াৰ কিছু মুহূৰ্তৰ ভিতৰতে ইয়াৰ ইউৰিয়া টেংকটো বিস্ফোৰিত হয়। বিস্ফোৰণৰ শব্দই চাৰিওফালে জোকাৰি যায়।

বিস্ফোৰণত আহত হয় আৰক্ষীজন । তেওঁ স্থানীয় চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে জনাই যে তেওঁৰ অৱস্থা সুস্থিৰ ।

ইউৰিয়া টেংকে ট্ৰাকৰ ইঞ্জিনৰ পৰা দূষিত পদাৰ্থ আঁতৰাই ইঞ্জিনটো পৰিষ্কাৰ ৰখাত সহায় কৰে। সেই টেংকটো ফাটি বিস্ফোৰণ ঘটিছে । প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে দাবী কৰে যে এয়া কেৱল দুৰ্ঘটনা নহয়। ইয়াৰ আঁৰত আছে এক ষড়যন্ত্ৰ । স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

ইয়াৰ পূৰ্বে শনিবাৰে জম্মুৰ নৰৱাল অঞ্চলত সংঘটিত দুটা বিস্ফোৰণত কমেও নজন লোক আহত হয়। পৰিবহণ নগৰৰ সাত নম্বৰ ৰ ৱাৰ্ডত দুখন বাহনৰ মাজত বিস্ফোৰণটো সংঘটিত হয়। আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

গণতন্ত্ৰ দিৱসৰ পূৰ্বে প্ৰশাসনে উপত্যকাত নিৰাপত্তাৰ ওপৰত অতিৰিক্ত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ মাজতে, এই তিনিটা বিস্ফোৰণে ৰাহুল গান্ধীৰ ‘ভাৰত যোড়া যাত্ৰা’ৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

১২৫ দিনীয়া যাত্ৰাৰ শেষত শ্ৰীনগৰত এক বৃহৎ ৰেলীৰে যাত্ৰা সমাপ্ত হোৱাৰ কথা । প্ৰায় এক ডজন ৰাজনৈতিক নেতা ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। বৰ্তমান প্ৰশ্ন হয় যে কাৰ্যসূচীটো কিমান সুৰক্ষিত।

Exit mobile version