Leopard Attack : ক্ষতবিক্ষত দেহ উদ্ধাৰ কিশোৰৰ , চিতাবাঘৰ আক্ৰমন নে অন্য কিবা ?

1674395606 leopard

Leopard Attack :

কৰ্ণাটকত নাহৰফুটুকীৰ আতংক । ১১ বছৰীয়া এজন কিশোৰৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰা হৈছে। নাহৰফুটুকীৰ আক্ৰমণত কিশোৰজনৰ মৃত্যু বুলি সন্দেহ কৰা হৈছে ।

মহীচুৰু জিলাৰ টি নাৰ্চিপুৰা তালুক অঞ্চলৰ এখন গাঁৱত শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰজন। দেওবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

বিগত ৪৮ ঘণ্টাত দ্বিতীয় ঘটনা পোহৰলৈ আহে । যোৱা বছৰৰ নৱেম্বৰৰ পৰা এনে ঘটনা চাৰিবাৰ ঘটিছে। গাওঁবাসীয়ে নাহৰফুটুকী বাঘৰ আক্ৰমণৰ ফলত মৃত্যুহোৱাৰ আশংকা কৰিছে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই জনাইছে যে ঘটনাটো গুৰুত্বসহকাৰে চোৱা হৈছে। নাহৰফুটুকী বাঘটোক ধৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা লোৱা হৈছে। তেওঁ মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰীয়ে বন বিভাগক নাহৰফুটুকী বাঘৰ সন্ধানত অঞ্চলটো অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে। স্থানীয় লোকসকলক সতৰ্ক কৰি দিয়া হৈছে।

নাহৰফুটুকী বাঘৰ আক্ৰমণত যাতে আন কাৰো মৃত্যু নহয় তাৰ বাবে বোম্মাই প্ৰশাসনক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।

Exit mobile version