Guwahati Fancy Bazar Murder:মহানগৰীৰ হোটেলত উদ্ধাৰ মহিলাৰ মৃতদেহ

পত্নীক নৃশংসভাৱে হত্যা কৰি স্বামীৰ পলায়নৰ অভিযোগ

59313d46 5173 4ee8 88ab 7973ca1bf6f1

Guwahati Fancy Bazar Murder :

গণৰাজ্য দিৱসৰ প্ৰাক্ মুহূৰ্তত মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড ৷ সদাব্যস্ত ফাঁচী বজাৰৰ মাজমজিয়াৰ ৰাজহংস হোটেলৰ কোঠাত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷

মহিলাগৰাকী তাজলিমা খাতুন বুলি চিনাক্ত কৰা হৈছে ৷মহিলা গৰাকীক নিজ স্বামীয়ে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷

প্ৰাপ্ত তথ্য মতে, ৰাজহংস হোটেলৰ তৃতীয় মহলাৰ ২০৬নং বন্ধ কোঠাটোৰ ভিতৰত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহটো । আনহাতে ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে হোটেলত আৰক্ষী উপস্থিত হৈ ৰক্তাক্ত মৃতদেহ পৰীক্ষা কৰি সন্দেহ প্ৰকাশ কৰে যে, এইয়া এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড ৷

উল্লেখ্য যে,গোৱালপাৰাৰ বাপুভিঠাৰ বাসিন্দা তথা লোক নিৰ্মাণ বিভাগৰ মহৰি ৰূপে কৰ্মৰত ফুজুদ্দিন নামৰ লোক জনে পত্নী তাজলিমা খাতুন সহ ১৪ জানুৱাৰীৰ পৰা হোটেল ৰাজহংসৰ ২০৬ নং কোঠাটি ভাড়া লৈ আছিল ৷

কিন্ত ২৩ জানুৱাৰীত কোঠাৰ ভিতৰতে চোকা অস্ত্ৰৰে নিজ পত্নী নৃশংসভাৱে হত্যা কৰি কোঠাটো তলাবন্ধ কৰি পলায়ণ কৰে ৷ঘটনাস্থলীত আৰক্ষীৰ ফৰেনছিক দল উপস্থিত হৈ তদন্ত কৰাত নিশ্চিত হয় ঘটনাটো ২৩ জানুৱাৰীত সংঘটিত হৈছিল ৷ আনহাতে কোঠাটো ২৪জানুৱাৰীৰ পৰাই তলাবন্ধ হৈ আছিল ৷

আজি বন্ধ কোঠাটো হোটেল কতৃৰ্পক্ষই খোলাৰ পাছতে ৰক্তাক্ত মৃতদেহ দেখিয়ে হুৱাদুৱা লাগে৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে পলাতক ফুজুদ্দিনৰ সন্ধান কৰিছে ৷

Exit mobile version