Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

বিশ্বৰ শতাধিক দেশৰ ২৫০০ হলৰ স্কীনত দৰ্শকে উপভোগ কৰিলে পাঠান

fbea43fc 3258 440c 9737 c699a3878cd9

Pathaan Release Today :

সকলো উৎকণ্ঠাৰ অন্ত পেলাই বলিউড বাদছাহ শ্বাহৰূখ খান আৰু দীপিকা পাডুকন অভিনিত বহু বিতৰ্কিত হিন্দী চিনেমা ‘পাঠান’ আজি ৰিলিজ পায় ৷

দেশৰ প্ৰায় ৫০০০ হাজাৰ খন স্কীনত আৰু বিশ্বৰ শতাধিক দেশৰ ২৫০০ খন স্কীণত দশৰ্কে উপভোগ কৰে পাঠান ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰীৰ আটাইকেইটা চলচিত্ৰ গৃহ আৰু পিভিআৰত পাঠান চাবৰ বাবে দৰ্শকৰ লানিনিচিঙা শাৰী দেখা যায় ৷

মহানগৰীৰ চিনেমা গৃহত পুৱাৰে পৰা নিৰাপত্তা বেষ্টনী গঢ়ি তোলে আৰক্ষীয়ে ৷ আনহাতে নগাঁও চহৰৰ কৃষ্ণা টকিজত পাঠান চাবলৈ লানি লানি দৰ্শকক কটকটীয়া নিৰাপত্তাৰ মাজত হলত প্ৰৱেশ কৰিব দিয়ে আৰক্ষীয়ে ৷

হেজাৰ হেজাৰ বিৰ্তকৰো ৰুধিব নোৱাৰিলে পাঠানৰ জনপ্ৰিয়তাক ৷চিনেমা গৃহত দেখা গ’ল কেৱল পাঠান ৷ যেন হেজাৰ দৰ্শকৰ হ্দয় জিনিলে পাঠানে ৷

আনহাতে মধ্য প্ৰদেশৰ ইন্দোৰৰ চলচ্চিত্ৰ গৃহত আজি পাঠান ৰিলিজ হোৱাৰ পাছতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পাঠান চাবলৈ যোৱা দৰ্শকক হলৰ পৰা বাহিৰ কৰি দিয় লগতে চাবলৈ যোৱা দৰ্শকক বাধাপ্ৰদান কট্টৰ হিন্দুত্ববাদী সংগঠন বজৰংগ দলৰ নেতা- কৰ্মীয়ে।

পাঠানৰ দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে হলৰ চৌহদত থকা পাঠানৰ বেনাৰ ,পোষ্টাৰ ফালি – চিঙি জ্বলাই পাঠানৰ বিৰুদ্ধে শ্ল’গান দি আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ অৱশ্যে কিছু সময়ৰ পাছতে মধ্য প্ৰদেশ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

Exit mobile version