Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

ভাৰতত উপাৰ্জন ১৩৫ কোটি,শতাধিক দেশত উপাৰ্জন ১০০ কোটি

WhatsApp Image 2023 01 27 at 12.28.03 PM

Pathaan Box Office Collection:

বলিউদৰ বাদছাহ শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত বহু বিতৰ্কিত কথাছবি ‘পাঠান’ৰ উপাৰ্জন এভাৰেষ্ট সদৃশ ৷

২৫ জানুৱাৰীত ভাৰত সহ বিশ্বৰ এশ খন দেশৰ ২৫০০ টা চলচ্চিত্ৰ গৃহত ‘পাঠান’ ৰিলিজ পোৱাৰ পাছত যোৱা ৪৮ ঘন্টাত উপাৰ্জন হয় ২৩৫ কোটি টকা।

অকল ভাৰততে সংগ্ৰহ ১৩৫ কোটিৰ বিপৰীতে বিদেশত উপাৰ্জন হয় এশ কোটি ৷ যোৱা দুদিনত দৰ্শকৰ ব্যাপক সহাৰীয়ে KGF-কো চেৰ পেলালে ‘পাঠান ‘৷

পাঠানৰ প্ৰযোজক গোষ্ঠীয়ে আশা কৰা মতে,আগন্তুক এসপ্তাহত চাৰিশ কোটি টকা উপাৰ্জনৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে,প্ৰতিটো দিনেই পাঠানে যথেষ্ট আয় কৰিছে।

Exit mobile version