Rajgarh Incident :৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ নিশাই মহানগৰীত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস

দোকানৰ কৰ্মচাৰীক প্ৰহাৰ উদণ্ড যুৱকৰ

WhatsApp Image 2023 01 27 at 1.03.58 PM 1

Rajgarh Incident:

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ নিশাই মহানগৰীত সুৰাপায়ী যুৱকৰ সন্ত্ৰাস | মহানগৰীৰ সদাব্যস্ত ৰাজগড়স্থ দুখন দোকানত প্ৰায় দহজনীয়া সুৰাপায়ী উদণ্ড যুৱকৰ দলে চলাই তাণ্ডৱলীলা |

প্ৰাপ্ত খবৰ অনুসৰি দোকান এখনৰ এজন কৰ্মচাৰীৰ স’তে সামান্য কথাৰ বাবেই হঠাতে সুৰাপায়ী দলটোৰ এজন যুৱকে বাকবিতণ্ডাত লিপ্ত হোৱাৰ মাজতে সুৰামত্ত যুৱকজনে দোকান খনৰ সামগ্ৰী এফালৰ ভাঙি লণ্ডভণ্ড কৰে ৷

আনকি ইয়াতো ক্ষান্ত নাথাকি দোকানৰ কৰ্মৰত কৰ্মচাৰীকো উপযুপৰি প্ৰহাৰ কৰে | সুৰাপায়ী যুৱকৰ দলে দোকানলৈ শিলাবৰ্ষণ কৰাৰো অভিযোগ উদ্থাপিত হৈছে ৷

ঘটনা সংঘটিত হোৱাৰ পাছতে দোকানৰ কৰ্মচাৰীয়ে চানমাৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত আটক কৰা কোনো এজন যুৱককে ৷

Exit mobile version