karachi : অৰ্থনৈতিকভাৱে বিধ্বস্ত পাকিস্তানত অচিন ৰোগ

এটা পষেকত ১৫ শিশুসহ ১৮ জনৰ মৃত্যু

2d6c5b90 d335 47e5 9db2 4f5e506ec02b

karachi :

অৰ্থনৈতিকভাৱে বিধ্বস্ত চুবুৰীয়া দেশ পাকিস্তানত ভুতৰ ওপৰত দানহ পৰাৰ দৰে শেহতীয়াকৈ দেখা দিছে এক অচিন ৰোগে৷এই ৰোগৰ আতংকই ত্ৰাসিত কৰিছে পাকিস্তানীলোকক ৷

বন্দৰ নগৰী কৰাচীৰ কেমাৰী অঞ্চলত চলিত মাহৰ দ্বিতীয়টো পষেকতে এক ৰহস্যজনক ৰোগত প্ৰাণ গৈছে বহুলোকৰ৷ এই পৰ্যন্ত ৰহস্যভেদ কৰিব পৰা নাই নতুন ৰোগ বিধৰ যোৱাকালি দেশ খনৰ স্বাস্থ্য বিভাগে সদৰি কৰা মতে, কেমাৰীৰ মাৱাচ গোঠ অঞ্চলত ৰহস্যজনক বেমাৰৰ ফলক চলিত পষেকতে ১৪ টা শিশু সহ ১৮ জন লোকৰ মৃত্যু হৈছে ৷

উল্লেখ্য যে,মৃত্যু হোৱা সকলৰ ভিতৰত তিনিটা শিশু সহ এটা পৰিয়ালৰ ছজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এটা পৰিয়ালৰ এজন ব্যক্তি তেওঁৰ পত্নী সহ দুই কণমানি শিশু মৃত্যু মুখত পৰে ৷ এই শোকাৱহ ঘটনা মাৱাচৰ এটা বস্তি অঞ্চলত

মনকৰিবলগীয়া যে কৰাচীৰ স্বাস্থ্য সেৱা সঞ্চালক আব্দুল জুমানীয়ে সংবাদ মাধ্যমক এই সন্দৰ্ভত কয়, কৰাচীৰ উপকুলীয় অঞ্চল মাৱাচৰ ৰহস্যজনক ৰোগৰ বিধৰ উৎস সম্পৰ্ক তদন্তৰ কাম অব্যাহত আছে ৷ প্ৰাৰম্ভিক তথ্য মতে ৰোগৰ উৎস সাগৰীয় পানীৰ পৰাই হৈছে বুলি উল্লেখ কৰে বিষয়াজনে ৷

Exit mobile version