Kaziranga : কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

দুখন জেচিবি সহ তিনিখন মাটি ভৰ্তি ট্ৰাক

a71af70f 509f 409b 93e8 f848910d9f9c 1

Kaziranga :

এশিঙিয়া গড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ মাটি খনন অব্যাহত থকাৰ পাছতে শেহতীয়াকৈ উদ্যান কতৃৰ্পক্ষ আৰু প্ৰশাসনে কঠোৰস্থিতি গ্ৰহণ কৰিছে ৷

অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগে অৰ্তকিতে অভিযান চলাই জব্দ কৰে দুখনকৈ জে চি বি সহ তিনিখনকৈ মাটি ভৰ্তি ডাম্পাৰ ৷

উল্লেখ্য যে ,দীৰ্ঘদিন ধৰি একাংশ ভূ-মাফিয়াই সংগোপনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিঁতে থকা এক নং শিলডুবি অঞ্চলত বৃহৎ পুখুৰী খান্দি মাটিৰ ব্যৱসায় চলাই আহিছে ৷

আনকি এওঁলোকৰ নাই কোনো ধৰণৰ বৈধ নথি-পত্ৰ ৷ এনিমেল কৰিডৰ থকা অঞ্চলত অবৈধভাৱে পুখুৰী খান্দি ভাবুকি কঢ়িয়াই আনিছে জীৱকুললৈ ৷

কিন্ত শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে পুখুৰী খন্দা স্থানৰ পৰা জব্দ কৰে এএছ১৬চি ৫০৪০,এন এল ০৭-এ৫০১৪,এএছ০৩-এচি-১৬৩৯, নম্বৰৰ তিনিখনকৈ ড্ৰাম্পাৰ আৰু এএছ০৯-এচি- ২১০১,এএছ০১-এম চি-৭৭০০ নম্বৰৰ দুখনকৈ জে চিবি জব্দ কৰে ৷

Exit mobile version