Pathacharkuchi :  কইনা চাবলৈ গৈ আৰক্ষীৰ জালত শুকুৰ আলিৰ

WhatsApp Image 2023 01 28 at 7.30.39 PM 1

Pathacharkuchi :

শুকুৰবাৰে বজালী আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে সাত গৰাকী দুৰ্ধৰ্ষ ডকাইত ।

যি উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্থানত ডকাইতি কৰাৰ লগতে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল । উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্হানত বেঙ্ক ডকাইতি কৰা দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে নিজেই স্বীকাৰ কৰিলে কেনেকৈ অৰুণাচলত ষ্টেট বেংকত ডকাইতি কৰিছিল ৪২ লাখ টকা l

কিন্তু তাৰ মাজৰ শুকুৰ আলি নামৰ ডকাইতটোৰ ভাষ্য ই যোগালে হাঁহিৰ খোৰাক l শুকুৰ আলি নামৰ ডকাইতটো নিজৰ লৰাৰ বাবে কইনা চাবলৈ আহোতেহে ধৰা পৰিল আৰক্ষীৰ হাতত l

উল্লেখযোগ্য যে উক্ত ডকাইতৰ দলটোৱে এখন বলেৰো বাহনত নলবাৰীৰ দিশৰ পৰা আহি হাউলী অথবা বজালীৰ এ টি এম চুৰি কৰাৰ বাবে লক্ষ্য কৰি আহিছিল l

কিন্তু পাটাছাৰকুছি থানাৰ oc অনুপ কুমাৰ পাটিৰি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বাণ শৰ্মা ৰ নেতৃত্বত চলা অভিযানে ডকাইত কেইটাৰ উদ্দেশ্য বিফল কৰে l

উক্ত ডকাইত কেইজনৰ চৰ্দাৰ চহৰ আলিৰ নেতৃত্বত এনেদৰে চৌদিশে ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল l অসম, মেঘালয়, অৰুণাচল আদি উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্হানত চহৰ আলিৰ নেতৃত্বতে সংঘটিত হৈ আহিছে বিভিন্ন ডকাইতি কাণ্ড l

ধৃত ডকাইত কেইজন হৈছে চহৰ আলি, ( দলোপথাৰ) বাবুল খান, ( ঘগ্ৰাপাৰ) শুকুৰ আলি, ( বৰবিল্লা তামুলপুৰ), জাকিৰ আলি, ( আল্লিয়া, ঘগ্ৰাপাৰ) দুলহাছ আলি, ( বৰবিল্লা তামুলপুৰ) ফৈজুল হক, ( বৰবিল্লা তামুলপুৰ) মনোৱাৰ হুছেইন, ( আল্লিয়া, ঘগ্ৰাপাৰ) ।

Exit mobile version