Silchar Accident : ভয়ংকৰ পথ দুৰ্ঘটনা শিলচৰত টেট শিক্ষয়িত্ৰী নিহত , আহত তিনি

images 1 4

Silchar Accident :

শনিবাৰৰ দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ‌ তোপখানাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন বাইক আৰু মাৰুতি ভেনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷

ৰানীঘাটৰ দিশৰ পৰা শিলচৰলৈ আহি থকা বাইক খনৰ স’তে বিপৰীত দিশৰ পৰা যোৱা মাৰুতি ভেন খনৰ মাজত মুখামুখী সংঘৰ্ষ হয়৷ ফলত বাইকৰ পিছ ফালৰ ছিটত বহি থকা মহিলা আৰোহী গৰাকী বাইকৰ পৰা ছিটিকি পথৰ ওপৰতে লুটি খাই পৰে৷

প্ৰত্যক্ষ দৰ্শীৰ মতে, পৰি থকা মহিলা গৰাকীৰ ওপৰেৰে এখন তেলৰ টেংকাৰ পাৰ হৈ যোৱাত থিতাতে মৃত্যু হয় তেওঁৰ৷ আনহাতে, বাইক চলোৱা যুৱক জনৰ লগতে ভেনৰ চাৰিজন যাত্ৰীও গুৰুতৰ আহত হয়৷ হতাহত আটাইকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ প্ৰেৰন কৰা হয় ৷

নিহত মহিলাৰ নাম শৰ্মিষ্ঠা ভট্টাচাৰ্য বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁ টেট শিক্ষয়িত্ৰী ৷ তথ্য অনুসৰি তেওঁৰ ঘৰ তাৰাপুৰ শিববাড়ি ৷ আনহাতে, আহত বাইক আৰোহী, তাৰাপুৰ মনিপুৰী বস্তিৰ উৎপল দাস, ভেনৰ চালক আৰু যাত্ৰী বিহাৰা পঞ্চম খণ্ডৰ হিলাল উদ্দিন আৰু আচাব উদ্দিনক সংকট জনক অৱস্হাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ ভৰ্তি কৰা হৈছে৷

Exit mobile version