Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী

1675003131 whatsapp image 2023 01 29 at 20 06 56

Odisha :

আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিলে উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসে । তেওঁ ভুৱনেশ্বৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু দেওবাৰে সন্ধিয়া তাতেই মন্ত্ৰীজনৰ মৃত্যু হয়।

ঘটনাটো দেওবাৰে দুপৰীয়া উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চকৰ সমীপত সংঘটিত হয় । উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসক এজন আৰক্ষী বিষয়াই গুলীচালনা কৰে । স্বাস্থ্য মন্ত্ৰী নৱ দাসৰ বুকুত দুবাৰ কৈ গুলী লাগে।

গুলীচালনাৰ পাছত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাটোৰ প্ৰায় লগে লগে নৱ কীশোৰক ঝাৰচুগুড়া বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পৰা, তেওঁক বিমানেৰে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

কিন্তু পাছত পৰিস্থিতিৰ অৱনতি ঘটিল। প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰীজনৰ মৃত্যু হয়।

Exit mobile version