Bhelengi River : ভেলেঙী নদীৰ ব্যাপক খহনীয়াই নিঃশ্চিহ্ন বহু কৃষক পৰিয়ালৰ মাটি-ভেটি খেতি পথাৰ

শীঘ্ৰে ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবী

dacfdcfb ff51 4a07 bc33 9adb3a0fdaa2

Bhelengi River :

বাঘবৰ ৰাজহ চক্ৰৰ অধীনৰ পাতলিকুছি – লুৰফুৰীয়া আৰু দাপনাসিং গাৱত ভেলেঙী নদীৰ অবিৰত ব্যাপক খহনীয়াই ইতিমধ্যে বহু কৃষক পৰিয়ালৰ মাটি – ভেটি খেতি পথাৰ খহাই নি সৰ্বস্বান্ত কৰি পেলাইছে ।

প্ৰাপ্ত অভিযোগ মতে ,মন্দিয়াৰ সমীপৱৰ্তী কপোহা গাৱৰ পশ্চিম দিশৰ ভেলেঙী নদীৰ উত্তৰ পাৰে বানপানী ৰোধ কৰিবলৈ কে’বাবছৰ আগতে মথাউৰি নিৰ্মাণ কৰিছিল ; পুৰণি মথাউৰি খহাই নিয়াত তাৰ উত্তৰেৰে আকৌ মথাউৰি নিৰ্মাণ কৰিছে ।

আশ্চৰ্যৰ কথা চৰকাৰ তথা বান নিয়ন্ত্ৰণ দপ্তৰে খহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত আঁচনি প্ৰস্তুত আৰু ৰূপায়ন নকৰাত বিগত বৰ্ষত আবতৰীয়া বানে ইৰিধানৰ শস্যৰ পথাৰ সম্পূৰ্ণ নষ্ট কৰিছে ।

শংকিত আৰু চিন্তিত প্ৰায় ২০ খন গাৱৰ কৃষক সকলৰ বাট পথ, পুখুৰীৰ মাছ আৰু অন্যান্য শস্যৰ পথাৰ ডুব গৈছে । বান বিধ্বস্ত কৃষক সকলে চৰকাৰী কোনো সাহায্য বা ঋণ লাভ কৰিব পৰা নাই ।

ইতিমধ্যে মন্দিয়া আঞ্চলিক কৃষক সভাই ব্ৰহ্মপুত্ৰ,বেঁকী আৰু ভেলেঙী নদীৰ ভয়াবহ গৰাখহনীয়া চলিত খৰালিৰ বতৰতে বিজ্ঞান সন্মত ভাৱে প্ৰতিৰোধ কৰিবলৈ বাঘবৰ ৰাজহ চক্ৰ আৰু মন্দিয়া উন্নয়ন খণ্ডত কেবাবাৰ ধৰ্মঘট আন্দোলন কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও সংশ্লিষ্ট অঞ্চলৰ গাওঁ কেইখনৰ খহনীয়া এতিয়াও প্ৰতিৰোধ হোৱা নাই ।

পাতলিকুছি গাৱত অনুষ্ঠিত এক ৰাজহুৱা সভাত বিধায়ক শ্বেৰমান আলী আহমেদে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে আঁচনি ৰূপায়ণৰ কাম আৰম্ভ হোৱা নাই। খহনীয়া প্ৰতিৰোধ নহ’লে দাপনাসিং দলং নিৰ্মাণৰ কামতো-খহনীয়াৰ ভাবুকি অহাৰ সম্ভাৱনা আছে।

Exit mobile version