Personal Library :  এই দম্পতীৰ ঘৰতে আছে ৩২ হেজাৰ গ্রন্থৰ বিশাল পুথিভঁৰাল

befunky collage 6 1

Personal Library :

কথাতে কোৱা হয় যে গ্ৰন্থ হৈছে মানুহৰ সবাতোকৈ ভাল বন্ধু। আচলতে কেৱল জ্ঞান অর্জনৰ বাবেই নহয়, গ্ৰন্থক এবাৰ বন্ধু হিচাপে আদৰি ল’লে জীৱনত নিসংগতাবোধ কেতিয়াও নহয়।

সেয়েহে আজি ডিজিটেলৰ যুগতো গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ অটুট আছে। প্রতিবছৰে বিশ্বজুৰি অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত অগণন লোকে ভিৰ কৰাৰ লগতে বহু গ্রন্থই বিক্ৰীৰ অভিলেখ ৰচি আহিছে।

সকলো বয়সৰ লোকেই নানা বিষয়ৰ গ্ৰন্থ পঢ়িবলৈ ভাল পায়। সময় ভালদৰে অতিবাহিত কৰাৰ এক মাধ্যম হৈছে গ্ৰন্থ অধ্যয়ন। গ্রন্থ ক্ৰয় কৰি অধ্যয়ন কৰাৰ লগতে বহুতে পুথিভঁৰালৰ পৰা গ্ৰন্থ সংগ্রহ কৰি অধ্যয়ন কৰে।

গ্ৰন্থপ্রেমীয়ে সাধাৰণতে নিজৰ বাসগৃহতো সৰুকৈ হ’লেও গ্ৰন্থৰ সংগ্ৰহালয় বা নিজা পুথিভঁৰাল এটা তৈয়াৰ কৰি লয়। কিন্তু বাসগৃহত বিশাল পুথিভঁৰাল স্থাপন কৰাৰ কথা কেতিয়াবা শুনিছে নে? হয় আমেৰিকাত আছে এনে এক দম্পতী যাৰ বাসগৃহত সংগ্ৰহ কৰা হৈছে ৩২০০০ ৰো অধিক নান বিষয়ক গ্রন্থ।

অবিশ্বাস্য যেন লাগিলেও সম্প্রতি গ্রন্থ সংগ্ৰহৰ জৰিয়তে সামাজিক মাধ্যমত ভাইৰেল হ’ল আমেৰিকাৰ এই দম্পতী। কেথলিন অ’নিল গীয়েৰ নামৰ এজন আমেৰিকাৰ স্থপতিবিদে টুইটাৰত তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ কথা শ্বেয়াৰ কৰিছে।

বিশাল আকাৰৰ উক্ত পুথিভঁৰালত সংগ্ৰহ কৰি ৰখা হৈছে ৩২ হেজাৰৰো অধিক গ্রন্থ। গীয়েৰে জনোৱা অনুসৰি, তেওঁৰ ব্যক্তিগত পুথিভঁৰালত নানা বিষয়ৰ গ্ৰন্থ আছে। বিভিন্ন ধৰণৰ গ্ৰন্থ এই পুথিভঁৰালত অতি যতনৰে সংগ্ৰহ কৰি ৰখা বুলি গীয়েৰে জানিবলৈ দিয়ে।

টুইটাৰত এই কথা প্ৰকাশ কৰি গীয়েৰে কয়, ‘মোৰ ব্যক্তিগত পুথিভঁৰালত ৩২,০০০ গ্ৰন্থ আছে। মোৰ এনে ধাৰণা হয় যে আন মানুহে যেন কেৱল গাড়ী আৰু জাহাজহে ক্ৰয় কৰিছে। কিন্তু মোৰ বাবে আচল সম্পদ হৈছে এইসমূহ গ্রন্থ।’

সামাজিক মাধ্যমত সম্প্রতি গীয়েৰৰ এই ব্যক্তিগত পুথিভঁৰালটোৱে বিশেষ চৰ্চা লাভ কৰিছে। টুইটাৰত গীয়েৰৰ এই প’ষ্ট তিনিকোটি লোকে দৰ্শন কৰাৰ লগতে ৫৩ হেজাৰ লোকে এই প’ষ্ট ‘লাইক’ কৰিছে। গ্ৰন্থ এইদৰে নিজ বাসগৃহত সংৰক্ষণ কৰাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে গীয়েৰক প্ৰশংসাও কৰিছে।

Exit mobile version