Rape : ৭০ বছৰীয়া বিধবাক অপহৰণ কৰি ধৰ্ষণ, গ্ৰেপ্তাৰ ২৩ বছৰীয়া যুৱক

rape

Rape :

প্ৰথমে অপহৰণ তাৰ পাছত ধৰ্ষণ । অসমৰে এখন ঠাইত সংঘটিত হ’ল এই নিল্জ্জ কাণ্ড । এগৰাকী ৭০ বছৰীয়া বিধৱাক অপহৰণ কৰি বাৰে বাৰে ধৰ্ষণ কৰিলে এজন ২৩ বছৰীয়া যুৱকে ।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে দেওবাৰে যুৱকজনক গ্ৰেপ্তাৰ কৰে, যি পেছাত এজন অটো চালক।নাম উল্লেখ কৰিব নিবিচৰা এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে অভিযুক্তজন অসমৰ কাছাৰ জিলাৰ ভুৱন্দাহাৰ চাহ বাগিচা অঞ্চলৰ বাসিন্দা।

এগৰাকী জেষ্ঠা মহিলাই যুৱকজনৰ বিৰুদ্ধে বাৰে বাৰে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছে যে তেওঁ ২৫ জানুৱাৰীৰ নিশা প্ৰায় আঠ বজাত দাৰ্মিখাল অঞ্চলত এখন বিবাহ অনুষ্ঠানৰ পৰা অকলে ঘৰলৈ খোজ কাঢ়ি আহি আছিল।

বাটত, এজন অটো চালকে তেওঁৰ পথ অৱৰোধ কৰে । ইয়াৰ পাছতে, তেওঁক বলপূৰ্বক পথাৰলৈ টানি নিয়ে আৰু চালকজনে তেওঁক ধৰ্ষণ কৰে।

ধৰ্ষণৰ পাছত, তেওঁক পথাৰৰ পৰা আন ঠাইলৈ লৈ যোৱা হয়। সেই সময়ত, অটো চালকজনৰ স’তে তেওঁৰ এজন বন্ধুও আছিল। যুৱকজনে তেওঁক এখন অটোৰিক্সাত আন এখন ঠাইলৈ লৈ যায় আৰু তাতো তেওঁক বাৰে বাৰে ধৰ্ষণ কৰে ।

পিছদিনা, জেষ্ঠাগৰাকী আৰক্ষীৰ কাষ চাপে আৰু সমগ্ৰ ঘটনাটোৰ বিৱৰণ দিয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনে জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত আছে অপহৰণ আৰু ধৰ্ষণ।

Exit mobile version