Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

নিজে পঢ়া আৰু শিক্ষকতা কৰা বিদ্যালয়ৰ বাবে সঞ্চিত ধনৰে নিৰ্মাণ কৰিলে শ্ৰেণীকোঠা

1c97befd 7d10 4764 922f 275f01c3fedf

Tezpur Teacher :

নিজে অধ্যয়ন কৰা তথা পৰৱৰ্তী সময়ত ২২ বছৰকাল একেখন বিদ্যালয়তে শিক্ষকতা কৰি ২০২২ৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা শিক্ষক নিখিল গোস্বামীয়ে নিজৰ সঞ্চিত ধনৰে বিদ্যাঞ্জলি আঁচনিৰ অধীনত তেজপুৰ কলেজিয়েট হাইস্কুলত নিৰ্মাণ কৰাই দিয়া এটা শ্ৰেণী কোঠা আজি আনুষ্ঠানিকভাবে বিদ্যালয় কৰ্তৃপক্ষক গতাই দিয়ে৷

উল্লেখযোগ্য যে,১৯৬১ত স্হাপিত অসমীয়া মাধ্যমৰ তেজপুৰ কলেজিয়েট হাইস্কুলৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্ৰেণীকোঠাটোৰ দাঁতা তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোস্বামীৰ পিতৃ তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত দেৱেশ্বৰ গোস্বামী৷আজিৰ উদ্বোধন হোৱা শ্ৰেণী কোঠাটো প্ৰয়াত পিতৃৰ স্মৃতিতে উৎসৰ্গা কৰে পুত্ৰ গোস্বামীয়ে৷

আজি দিনৰ প্ৰায় ১-৩০বজাত অনুষ্ঠিত তথা বিদ্যালয়খনৰ শিক্ষক ভূপেন বৰদলৈয়ে আঁত ধৰা সভাত শ্ৰেণী কোঠাটো উদ্বোধন কৰি তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে কয় যে,এনেদৰে নিজা সঞ্চিত ধনৰে বিদ্যালয়খনৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণ কৰি দিয়াটো এক দৃষ্টান্তমূলক কাৰ্য৷বৰ্তমান ১২২১জন ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰি থকা এইখন বিদ্যালয়ৰ লগতে সেই সময়ত তেজপুৰত স্হাপিত একাধিক বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন শিক্ষামন্ত্ৰীজনে সেই সময়ৰ তেজপুৰৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো কিছু কথা ব্যক্ত কৰে৷

প্ৰয়াত দেৱেশ্বৰ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলনৰে আৰম্ভ হোৱা সভাখনত প্ৰাক্তন বিধায়কজনে আৰু কয় যে,বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগতে আন্তঃগাঁথনিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। তেওঁ তেজপুৰৰ দাতিকাষৰীয়া কেবাখনো শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নতি হোৱা বুলি কয়।

তেওঁ লগতে কয় যে, শিক্ষকে নিজ ছাত্ৰ – ছাত্ৰীৰ সফলতাত আত্ম সন্তুষ্টি লাভ কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বলীন বৰুৱা, প্ৰধান শিক্ষক উদ্ধৱ ডেকা বৰুৱা, কৰতিপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ গোস্বামী, শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী,কৰ্মচাৰী তথা ছাত্ৰছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখযোগ্য যে,দাঁতা তথা অৱসৰ প্ৰাপ্ত শিক্ষক নিখিল গোস্বামী তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে বিশেষকৈ ভাওনা আৰু ৰাসৰ স’তে ওতপ্ৰোতভাবে জড়িত হৈ থকাৰ লগতে এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে পৰিচিত৷

এগৰাকী ক্ৰীড়া সংগঠক হিচাপেও যথেষ্ট অৱদান থকা অৱসৰী শিক্ষকজনে প্ৰায় তিনিলাখ টকা সাঁচতীয়া ধনৰে ২০আৰু২২বৰ্গফুট আকাৰৰ এই শ্ৰেণীকোঠাটো নিজেই পঢ়া তথা শিক্ষকতা কৰা বিদ্যালয়খনৰ বাবে নিৰ্মাণকৰি আগবঢ়োৱা কাৰ্যৰ উপস্থিত সকলোৱে শলাগ লয়৷

Exit mobile version