China: চীনা ম’বাইল কোম্পানীৰ আধিপত্য হ্রাস, ২০২২ত অভিলেখ ব্যৱসায়িক পতন

0023ae5d6dc0103d2f870d

China :

চীনত তৈয়াৰী স্মার্টফোনৰ বিক্ৰী ২০২২ত অভিলেখ হাৰত হ্রাস পালে। বিগত এক দশকৰ পাছত সর্বনিম্ন হ’ল চীনা ম’বাইলৰ বিক্রী।

প্রকাশিত তথ্য অনুসৰি, চীনত তৈয়াৰী ম’বাইলৰ বিক্ৰী ২০২২ বৰ্ষত ২০২১ৰ তুলনাত ১৩ শতাংশ হ্রাস পালে।

বজাৰ গৱেষক প্রতিষ্ঠান আইডিচিৰ এক প্রতিবেদনৰ তথ্য অনুসৰি, ২০২২ বৰ্ষত চীনে ২৮৬ নিযুত ম’বাইল ফোন বিক্রী কৰিছিল।

২০২১ বৰ্ষত চীনে বিক্ৰী কৰা ম’বাইলৰ সংখ্যা আছিল ৩২৯ নিযুত। পূর্বে স্মার্টফোনৰ বজাৰত চীন যি আধিপত্য আছিল সেয়া সম্প্রতি যথেষ্ট হ্ৰাস পাবলৈ ধৰিছে।

সম্প্রতি এনড্রইড ফোনৰ বজাৰত ১৮.৬ শতাংশৰে বজাৰ দখলৰে প্ৰথম স্থানত আছে ভিভ’। কিন্তু ভিভ’ৰ বিক্ৰী ২৫.১ শতাংশ হ্রাস পাইছে।

Exit mobile version