Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

1675150855 1674886363 1

Gautam Adani :

বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিলে গৌতম আদানী । শীৰ্ষ ১০ ৰ ভিতৰৰ পৰা বাহিৰ হ’ল আদানী। শেহতীয়া পৰিসংখ্যা অনুসৰি, ধনাঢ্য ব্যক্তিৰ তালিকাত সম্প্ৰতি ১১ নম্বৰ স্থানত আছে আদনী ।বিগত কিছুদিনত তেওঁৰ কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।

এসপ্তাহ আগতে, আদানি আছিল ধনাঢ্য ব্যক্তিৰ তালিকাত ‘ থাৰ্ড বয়’ । প্ৰথম স্থান দশল কৰাৰ দৌৰত ক্ৰমান্বয়ে আগবাঢ়ি আছিল উদ্যোগপতিগৰাকী । কিন্তু সেই তৃতীয় স্থান এতিয়া অতীত।

আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰকাশ কৰা প্ৰতিবেদনৰ পাছৰে পৰা আদানি গ্ৰুপ দুৰ্যোগৰ সম্মুখীন হৈছে ।

তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবেদনত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। বিগত বুধবাৰে হিণ্ডেনবাৰ্গে আদানিসকলৰ ওপৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি এক প্ৰতিবেদন প্ৰকাশ কৰে। কোৱা হৈছে যে আদানি গ্ৰুপে শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। তেওঁলোক প্ৰৱঞ্চনাৰ জৰিয়তে ধনী হৈছিল ।

আদানিৰ বিৰুদ্ধে এই প্ৰতিবেদন মুকলিকৈ ওলাই অহাৰ পাছৰে পৰা শ্বেয়াৰ বজাৰ খহি পৰিছে। হঠাৎ শ্বেয়াৰৰ মূল্য দ্ৰুতভাৱে হ্ৰাস পাইছে।

এল.আই.চি., পাঞ্জাৱ নেচনেল বেংকৰ দৰে কোম্পানীবোৰ আদানিৰ স’তে জড়িত । ফলস্বৰূপে, সাধাৰণ ৰাইজেও শ্বেয়াৰ বজাৰৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে।

অৱশ্যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰকাশিত সকলো অভিযোগ নাকচ কৰিছে আদানীয়ে। তেওঁলোকে এই প্ৰতিবেদনক ভিত্তিহীন আৰু মিছা বুলি অভিহিত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় উদ্যোগ গোটটোৱে ৪১৩ পৃষ্ঠাৰ এক বিবৃতি প্ৰকাশ কৰে।

কিন্তু সেই ৪১৩ পৃষ্ঠাৰ উত্তৰৰ পাছতো আদানীৰ শ্বেয়াৰ বজাৰত স্থান উন্নত নহ’ল। গৌতম আদানীয়ে বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁৰ বহু সম্পত্তি হেৰুৱাইছে।

Exit mobile version