Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

8729 pathaan

Pathaan :

যশৰাজ ফিল্মছৰ হাত ধৰি বলিউডত পুনৰ ৰাজকীয় প্রত্যাৱৰ্তন ঘটালে মহাতাৰকা অভিনেতা শ্বাহৰুখ খানে।দেশৰ লগতে বিদেশৰ বক্স অফিচতো আলোড়ন সৃষ্টি কৰিলে শ্বাহৰুখ অভিনীত সদ্য মুক্তিপ্রাপ্ত ‘পঠান’ ছবিখনে।

চাৰি বছৰৰ পাছত শ্বাহৰুখ অভিনীত ছবিখন উপভোগ কৰিবলৈ দৰ্শকে ইতিমধ্যে চিত্ৰগৃহত যথেষ্ট ভিৰ কৰিছে।যোৱা ২৫ জানুৱাৰীত মুক্তিলাভ কৰা ‘পঠান’-এ মাত্র পাঁচ দিনতে বিশ্বজুৰি ৫০০ কোটি টকাৰ অধিক ব্যৱসায় কৰিলে।

দেওবাৰে দেশৰ চিত্ৰগৃহত এইখন ছবিয়ে পুনৰ ৭০ কোটি টকাৰ ব্যৱসায় কৰিছিল। বৰ্তমানলৈকে ভাৰতৰ বক্স অফিচত ‘পঠান’-এ ২৮২ কোটি টকাৰ ব্যৱসায় কৰিলে।

বিশ্বৰ ১০০ খন দেশৰ ২৫০০ চিত্ৰগৃহত এইখন ছবি প্রদর্শিত হৈছে। কেৱল আমেৰিকাতে ৬৯৪ চিত্ৰগৃহত ‘পঠান’ প্ৰদৰ্শিত হৈছে।

Exit mobile version