Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

WhatsApp Image 2023 01 27 at 12.27.33 PM

Bollywood :

দেশৰ লগতে বিদেশৰ বক্স অফিচতো অপ্ৰতিৰোধ্য প্ৰমাণিত হ’ল ‘পাঠান’। চাৰি বছৰৰ পাছত শ্বাহৰুখ খানে অভিনয় কৰা এইখন ছবিয়ে ব্যৱসায়ৰ ক্ষেত্ৰত একাধিক নতুন অভিলেখ ৰচিলে।

মাত্র ছয় দিনত বিশ্বজুৰি ৬০০ কোটি টকাৰ ব্যৱসায় কৰা ‘পাঠান’ ছবিখনে অতি কম সময়ৰ ভিতৰতে এহেজাৰ কোটি টকাৰ ব্যৱসায় কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।

৫৭ বছৰীয়া শ্বাহৰুখে এইখন ছবিৰ জৰিয়তে বলিউডৰ লগতে দক্ষিণ ভাৰতৰ কেবাখনো ছবিৰ ব্যৱসায়ৰ পূৰ্বৰ অভিলেখ ইতিমধ্যে ভংগ কৰিলে।

বলিউডৰ আন দুই মহাতাৰকা অভিনেতা আমিৰ খান আৰু ছলমান খানৰ পূৰ্বৰ ব্যৱসায়ৰ অভিলেখকো অতিক্ৰম কৰিলে ‘পাঠান’ ছবিখনে।

বলিউডৰ খান সাম্ৰাজ্যত শ্বাহৰুখেই যে প্রকৃত বাদশ্বাহ সেই কথা ‘পাঠান’ৰ বক্স অফিচৰ সাফল্যই ইতিমধ্যে প্রমাণ কৰিছে।

‘পাঠান’-এ আমিৰৰ দুখন ছবি আৰু ছলমানৰ সকলো ছবিৰ ব্যৱসায়ৰ অভিলেখ ভংগ কৰাৰ দিশত দ্ৰুত গতিৰে অগ্ৰসৰ হৈছে।

আমিৰৰ ‘ডংগল’-এ ৩৭৪.৫৩ কোটি টকা আৰু ‘পিকে’-এ ৩৩৭.৭২ কোটি টকাৰ আৰু ছলমানৰ ‘টাইগাৰ জিন্দা হ্যে’-এ ৩৩৯ কোটি টকা, ‘চুলতান’-এ
৩০০.৬৭ কোটি টকা আৰু ‘বজৰংগী ভাইজান’-এ ৩১৫.৪৯ কোটি টকাৰ ব্যৱসায় কৰিছিল। এই দিশৰ পৰা শ্বাহৰুখে ‘পাঠান’-ৰ জৰিয়তে দুই খানক ব্যৱসায়ত ইতিমধ্যে পৰাস্ত কৰিলে।

Exit mobile version