Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

ফাঁচীবজাৰৰ নৱনির্মিত পদসেঁতু

WhatsApp Image 2023 02 01 at 6.05.50 PM

Foot Bridge Opens At Fancy Bazar:

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ৷ এই জন্মদিনটোতে মুখ্যমন্ত্ৰী গৰাকীয়ে মহানগৰবাসীক উপহাৰ দিলে এখন পদসেতুঁ৷ আজি অনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী শৰ্মাই মুকলি কৰে ফাঁচীবজাৰৰ নৱনির্মিত পদসেঁতু খন।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,আজি গুৱাহাটীৰ ফাঁচীবজাৰত নতুনকৈ নিৰ্মাণ কৰা পদপথ সেঁতুখন ৰাইজৰ সেৱাত উৎসৰ্গা কৰি আনন্দিত হৈছোঁ । এই সেতুখন জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি হোৱাৰ লগে লগে ইয়াৰ ফলত বাহনসমূহৰ সুচল চলাচল আৰু পথচাৰীসকলৰ সুবিধা হ’ব। এই সেতুখন ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা গুৱাহাটীৰ সপ্তম পদপথ সেতু বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সভাত গুৱাহাটী উন্নয়ণ মন্ত্ৰী অশোক সিংহল, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকে।

উল্লেখযোগ্য যে,উল্লেখ্য যে, প্ৰায় ১০ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা এই পদসেঁতুখন আছে অত্যাধুনিক সা-সুবিধা। ফাঁচীবজাৰলৈ যিসকল লোক যাব বিচাৰে সেই সকল পথচাৰীৰ বাবে ব্যৱস্থা কৰা হৈছে বৈদ্যুতিক চিৰি। আনহাতে বয়োবৃদ্ধ সকলৰ বাবে আছে পদসেতুৰ দুয়োকাষে লিফটৰ ব্যৱস্থা।

তাৰ সমান্তৰালকৈ বিশ্ববিখ্যাত এশিঙীয়া গঁড় আৰু মা কামাখ্যাৰ পোষ্টাৰ লগোৱা হৈছে এই উৰণীয়া সেতুখনত। ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰৰ লোকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিওৱা এই ফুটব্ৰীজৰ পৰাই ৰাইজে উপভোগ কৰিব পাৰিব লুইতৰ নৌসৰ্গিক দৃশ্য ৷

উল্লেখ্য যে,পদসেতুখনৰ নিৰ্মাণৰ কাম এটা মাহৰ পূৰ্বে সমাপ্ত হয় যদিও মুখ্যমন্ত্ৰীৰ জন্মদিনৰ বাবে এক ফেব্ৰুৱাৰীৰ দিনটোত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে লোক নিৰ্মাণ বিভাগে।

Exit mobile version