Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে বাজেট

WhatsApp Image 2023 02 01 at 3.44.47 PM

Union Budget 2023:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আজি সংসদত উত্থাপন কৰে। লোকসভাত বাজেট দাখিলৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়া বৰ্গ সহিতে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি বাজেটৰ অনুমোদন কৰায়।

বিত্ত মন্ত্ৰী সীতাৰমণে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰে আনহাতে আগন্তুক ২০২৪ ৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ এইখন অন্তিম খন বাজেট ৷

আজি সংসদত ২০২৩-২৪ বৰ্ষৰ বাবে দাখিল কৰা বাজেট খন আগন্তুক ২৫ বছৰৰ বিকাশৰ ব্লুপ্ৰিণ্ট বুলি বাজেট ভাষণত উল্লেখ কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে ৷

সীতাৰমণে সুদীৰ্ঘ সময়ৰ বাজেট ভাষণৰ কেইবাটাও জন কল্যাণ আঁচনিৰ উদ্ধৃতি দি কয় যে, প্ৰধানমন্ত্ৰী পি ভি জি টি আঁচনি ৰূপায়ণ কৰা হ’ব ৷

ইয়াৰ দ্বাৰা উপকৃত হ’ব দুৰ্বল জনজাতি গোট ৷ একেদৰে ইতিমধ্যে ৰূপায়ণ হৈ থকা কৃষি ক্ৰেডিট কাৰ্ড বৃদ্ধি কৰা হয় ২০ লাখ কোটি টকালৈ ৷ তদুপৰি প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ বাবে ছয় হাজাৰ কোটি ধাৰ্য কৰে এইবাৰৰ বাজেটত ৷

আয়কৰৰ ক্ষেত্ৰত বাজেট খনে এক বিৰাট ৰেহাই দিয়ে ৷ সেই অনুসৰি এতিয়া পৰা এজন সাত লাখ পৰ্যন্ত দিব নালাগে কোনো আয়কৰ

বছৰি সাত লাখ টকালৈকে উপাৰ্জন কৰা কোনো এজন লোকে দিব নালাগে আয়কৰ৷পূৰ্বতে ইয়াৰ পৰিসীমা আছিত পাঁচ লাখ ৷
আয়কৰৰ বাবে বাজেট ছয়টা শ্বেব নিৰ্ধাৰণ কৰা হৈছে :
১নং শ্বেবত:৯-১২লাখ উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ১৫ শতাংশ ৷

২ নং শ্বেবত:১২-১৫ লাখ উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ২০শতাংশ ৷
৩নং শ্বেবত:১৫ লাখৰ অধিক উপাৰ্জন কৰিলে আয়কৰ দিব লাগিব- ৩০শতাংশ ৷

মনকৰিবলগীয়া যে বাজেটত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক ১৬ শতাংশলৈ বৃদ্ধিৰে অধিক ব্যয় বহুল কৰি তোলা হয়। বিগত দুটা বছৰে কিন্ত চিগাৰেটত লগোৱা হোৱা নাছিল কোনো শুল্ক ৷

আনহাতে বাজেটত সোণ,ৰূপ হীৰা,কাঁহ-পিতল, পাকঘৰৰ চিমনি আৰু প্লেটিনামৰে নিৰ্মাণ কৰা আমদানিকৃত জুৱেলাৰী এইবাৰ বাজেটে অধিক ব্যয় বহুল কৰি তোলে ৷

ইয়াৰ লগে লগে মূল্য বৃদ্ধি পাবলগীয়া সামগ্ৰী সমূহ হ’ল : আমদানিকৃত ৰূপৰ যিকোনো সামগ্ৰী ,পাকঘৰৰ চিমনি,এক্সৰে মেছিন,প্লেটিনাম,সুৰা,চিগাৰেট,ছাতি,সোণ ,হীৰা ৷

অৱশ্যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অনুসৰি, খেলনা সামগ্ৰী, চাইকেল, অটোম’বাইল, মোবাইল ফোন, ইলেকট্ৰিক বাহন, টেলিভিশ্যন, লিথিয়াম আয়ন-চেল বেটাৰী আৰু কেমেৰা লেন্সৰ দাম হ্ৰাস পাব।

আজি সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, মোদী চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিবলৈ ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব।

কৰ’না কেন্দ্ৰীক পৰিস্থিতিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক খাদ্যশস্য প্ৰদান কৰি জনতাক সাময়িক সকা দিছিল ৷

সদনত বিত্ত মন্ত্ৰীয়ে অৱগত কৰে যে সকলো অন্ত্যোদয় আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰাৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত চৰকাৰে দুই লাখ কোটি টকাৰ বৃহৎ ব্যয় বহন কৰি আহিছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ একত্ৰিত খাদ্য সুৰক্ষা আঁচনিৰ নাম ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা নামাকৰণ কৰে আৰু ইয়াৰ অধীনত চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈছে।

উল্লেখ্য যে ,সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে সাধাৰণ বাজেট দাখিলৰ পাছতে শ্বেয়াৰ বজাৰত চেঞ্চেক্সে ১০০০ পইণ্টতকৈ অধিক বৃদ্ধি পায় ৷

Exit mobile version