A R Rahman Concert for Peace : দুবাৰৰ অস্কাৰ বিজয়ী গ্ৰেমী বঁটাৰে সন্মানিত এ আৰ ৰহমানৰ

গীতৰ লহৰত মোহাচ্ছন্ন বৰ্ষাপাৰা ষ্টেডিয়াম

457e4b0e 8a9f 4f2c baa4 36b027a393e3

A R Rahman Concert for Peace :

বন্দে মাতৰম,জয় হো আৰু দিলে হে ছোটাছা, আৰু তু হি ৰে আদি জনপ্ৰিয় গীতৰ লহৰত নাচি উঠিল দক্ষিণ পূৱ এছিয়া দুৱাৰমুখ গুৱাহাটী মহানগৰ ৷

উত্তৰ – পুৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে পদাৰ্পণ কৰা ২০১১বৰ্ষৰ নোবেল বঁটা বিতৰণী অনুষ্ঠানত আৰম্ভণি গীতৰ ঝংকাৰ তোলা এ আৰ ৰহমান কন্ঠৰ পৰা নিগৰি পৰা ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীতে ৰাইজক আপ্লুত কৰি তোলে ৷

বুধবাৰৰ সংগীতানুষ্ঠানৰ এসপ্তাহ পূৰ্বেই প্ৰায় ২৫০ জনীয়া দলে বৰ্ষাপাৰা ষ্টেডিয়ামত আটকধুনীয়া মঞ্চ,চাউণ্ড আৰু লাইটৰ সুব্যৱস্থা কৰিছিল ৷

আনহাতে সোমবাৰে এ আৰ ৰহমানৰ স’তে দেশ- বিদেশৰ প্ৰখ্যাত বাদ্যযন্ত্ৰীৰে গঠিত বিশ্বৰ প্ৰখ্যাত বেণ্ডৰ দলটিত গুৱাহাটীত উপস্থিত হৈ পোনে পোনে বাহৰ পাতে মহানগৰীৰ পঞ্চতাৰকা হোটেল তাজ বিভান্তাত ৷

ৰহমানৰ ‘Concert for Peace’শীৰ্ষক সংগীতানুষ্ঠানে মোহাচ্ছন্ন কৰি ৰাখে বৰ্ষাপাৰা এচি এ ষ্টেডিয়ামত উপস্থিত থকা সংগীতানুৰাগীক ৷

উল্লেখ্য যে বিশ্ববিখ্যাত ভাৰতীয় অস্কাৰ বিজয়ী এ.আৰ. ৰহমানৰ সংগীতানুষ্ঠানত অসমৰ এগৰাকী উদীয়মান কন্ঠ শিল্পী অন্তৰা নন্দীয়েও এ.আৰ. ৰহমানৰ সৈতে পৰিৱেশন কৰে গীত ।

এ.আৰ. ৰহমানৰ শীতৰ সন্ধিয়াৰ সংগীতানুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, পত্নী তথা প্ৰাইড ইষ্ট এন্টাৰটেইন মেন্টৰ চি এম ডি ৰিনিকি ভূঞা শৰ্মা ,ভাৰতীয় ক্ৰিকেট কন্টল বৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া উপস্থিত হৈ উপভোগ কৰে ৰহমানৰ গীত ৷

মনকৰিবলগীয়া যে ৰহমানৰ ‘Concert for Peace’শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজক আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ মালিকাধীন প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড৷

Exit mobile version