Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

WhatsApp Image 2023 02 03 at 7.03.46 PM

Amul Hikes Milk Price Again:

দেশৰ সৰ্ব বৃহৎ গাখীৰ প্ৰস্তুত প্ৰতিষ্ঠান আমূলে পুনৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰে প্ৰতি তিনিটকাকৈ বৃদ্ধি কৰে।

উল্লেখ্য যে,গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনৰ আমুল ব্ৰেণ্ডৰ অধীনস্থ আমুলৰ সতেজ,গল্ড আৰু শক্তি ব্ৰেণ্ডৰ গাখীৰৰ মূল্য ইয়াৰ পূৰ্বে অক্টোবৰত বৃদ্ধি কৰিছিল দুটকাকৈ ৷

কিন্ত তিনিমাহৰ অন্তত পুনৰ তিনিটা ব্ৰেণ্ডৰে গাখীৰৰ মূল্য বৃদ্ধি কৰে প্ৰতি লিটাৰত তিনিটকাকৈ ৷ নতুন দামৰ বৃদ্ধিকৰণৰ পাছত আমুল গল্ডৰ মূল্য হ’ব ৬৬ টকা ৷ আনহাতে আমুল ফ্ৰেছৰ এতিয়া প্ৰতি লিটাৰত ৫৪ টকা হোৱাৰ বিপৰীতে আমুল গৰুৰ গাখীৰ মূল্য হ’বগৈ ৫৬ টকা।

একেদৰে আমুল ম’হৰ গাখীৰৰ প্ৰতি লিটাৰত মূল্য হ’ব ৭০ টকা ৷ এই নতুন নিৰিখ ফেব্ৰুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব বুলি সদৰি কৰিছে আমুল কৰ্তৃপক্ষই ৷

আমুল কৰ্তৃপক্ষই জানিব দিয়ে যে উৎপাদনস্থলীত পৰিচালনা ব্যয় পূৰ্বতকৈ যথেষ্ট বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতে পুনৰাই দাম বৃদ্ধি কৰিবলৈ বাধ্য হয় ৷

Exit mobile version