Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম আৰু প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ সম্পত্তি বাজেয়াপ্ত

WhatsApp Image 2023 02 04 at 2.39.24 PM

Former Minister late Anjan Dutt’s Property Seized:

২০১৩ ত বহুচৰ্চিত সাৰদা চিট ফাণ্ড কেলেংকাৰীয়ে চুই গৈছিল অসমক ৷ সেই সময়ত সাৰদা নামৰ বিত্তীয় প্ৰতিষ্ঠানটিয়ে অসমৰ সৰ্বসাধাৰণ বিনিয়োগকাৰীৰ জমাকাল সম্পূৰ্ণ হ’লে সুতেমূলে ঘূৰাই দিয়াৰ লালসাৰে সংগ্ৰহ কৰিছিল প্ৰায় পাঁচশ কোটি টকা।

২০০৮ ৰ জুলাইৰ পৰা ২০১৩ৰ এপ্ৰিললৈ প্ৰায় কে’বা সহস্ৰাধিক লোকৰ পৰা সাৰদাই চিট ফাণ্ডৰ জৰিয়তে সংগৃহীত কৰা ধন যথা সময়ত ঘূৰাই নিদিয়াৰ সন্দৰ্ভত এনফৰ্চমেণ্ট ডিৰেক্টৰেটে প্ৰস্তুত কৰা অভিযোগনামাত উল্লেখ কৰিছিল ৷

শেহতীয়াকৈ সাৰদা কেলেংকাৰীৰ বিৰুদ্ধে কলকাতা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আৰম্ভ কৰে মাৰাথন অভিযান ৷ অভিযানত বাজেয়াপ্ত কৰে ৩.৩০ কোটি টকাৰ স্থাৱৰ সম্পত্তি৷উল্লেখ্য যে বাজেয়াপ্ত তিনি কোটি টকাৰ অস্থাৱৰ সম্পত্তি ৷

এই সম্পত্তি কিনিছিল সাৰদা সহ আন কে’বাজনো হাই প্ৰফাইল ৰাজনীতিকে ৷ এই সকলৰ ভিতৰত আছে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম ৷

কলকাতাৰ দেৱব্ৰত সৰকাৰ,দেবেন্দ্ৰনাথ বিশ্বাস ৷ একেদৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তালিকাত নাম আছে অনুভূতি প্রিণ্টাৰ্ছ আৰু প্রকাশন গোষ্ঠী।

মনকৰিবলগীয়া যে,অনুভূতি প্রিণ্টাৰ্ছৰ মালিক আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰয়াত অঞ্জন দত্ত

Exit mobile version