Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

992dcf41 47b2 4789 9b80 2eedfcfc0b51 1

Lokhora :

বিগত বছৰৰ দৰে এইবেলিও গুৱাহাটীৰ লখৰা বিষ্ণুনগৰত শ্ৰী শ্ৰীবিষ্ণু নগৰ উন্নয়ন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজাৰ আয়োজন কৰা হৈছে ।

দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথমটো দিনত পুৱা ন বজাত ধৰ্মধজ্জা উত্তোলনৰে কাৰ্যসূচীৰ আৰম্ভ কৰে সভাপতি প্ৰাণেশ্বৰ বেজবৰুৱাই । তাৰ পাছত কণমানি শিশুসকলৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিয়লি চাৰি বজাত ভাগৱত যাত্ৰাও উলিওৱাৰ লগতে নিশা সাত বজাৰ পৰা নাম – প্ৰসংগ অনুষ্ঠিত হয় ।

পাঁচ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পুৱা আঠ বজাত বন্তি প্ৰজ্বলনৰ পাছতে পূজা আৰম্ভ হ’ব । বিয়লি এক বজাত পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণ , দুই বজাত ভোগ বিতৰণ , সন্ধিয়াৰ পৰা পুৰুষ – মহিলা সমন্বিতে নাম – প্রসংগ অনুষ্ঠিত হ’ব । উদ্যোক্তা সকলে কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে ।

Exit mobile version