Sucide Women: বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতেই মানকাচৰত চাঞ্চল্যকৰ ঘটনা

পিতৃ- মাতৃক জেললৈ নিয়াৰ ভয়ত দুই সন্তানৰ মাতৃৰ আত্মহত্যা

WhatsApp Image 2023 02 04 at 12.40.33 PM

Suicide Women:

পিতৃ- মাতৃক জেললৈ নিয়াৰ ভয়ত দুই সন্তানৰ মাতৃয়ে বাছি ল’লে চৰম সিদ্ধান্ত ৷ নিজ গৃহতে চিপ লৈ আত্মহত্যা বিধৱা বোৱাৰীৰ ৷
উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান ৷ ইতিমধ্যে ৰাজ্যজুৰি ৰজু হৈছে প্ৰায় ৪০৭৭ টা গোচৰ আৰু শুক্ৰবাৰৰ সন্ধিয়ালৈ আটক হৈছে প্ৰায় ২০৪৪ গৰাকী অবৈধ স্বামী ৷

ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা এগৰাকী বিধৱা মহিলাৰ ৷ এই দুৰ্ভগীয়া ঘটনা সংঘটিত হয় মানকাচৰৰ ঝাউদাঙা পূবেৰ গাঁৱত ৷ ১২ বছৰ বয়সতে বিয়া হৈছিল খুচবু বেগম নামৰ দুই এমাডিমা সন্তানৰ মাতৃগৰাকী। এতিয়া খুচবুৰ বয়স হৈছিল ২৩ বছৰ।

দুৰ্ভগীয়া মহিলা গৰাকীক কম বয়সতেই বিয়া দিছিল পিতৃয়ে ৷ ২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আ‍বদ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুবছৰ পূৰ্বে ক’ভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।

কিন্ত শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ অভিযানত পিতৃ- মাতৃ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আত্মহননৰ দৰে চৰম পন্থা বাচি লয় মহিলা গৰাকীয়ে ৷ খচবুৰ আত্মহত্যাৰ পাছতেই এতিয়া পিতৃ গৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷
ঘটনাৰ পাছতেই ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী ৷

উল্লেখ্য যে,আজিও অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

Exit mobile version