Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

Taliban

Taliban :

পুনৰ আক্ৰমণ হ’ব পাৰে নেকি দেশৰ বাণিজ্যনগৰী মুম্বাইত ( Mumbai) ? এইবাৰ তালিবানে আক্ৰমণ কৰিব নেকি? কিয় ইমান আশঙ্কা ?

কাৰণ, মুম্বাইত তালিবানৰ আক্ৰমণ ( Taliban Attack) হ’ব এনে ধৰণৰ এটা ভাবুকিৰ ইমেইল পাইছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) ।

বৃহস্পতিবাৰে ভাবুকিৰ মেইলটো পাইছে মুম্বাইৰ এনআইএ ৰ কাৰ্যালয়ত । ই-মেইলটোৱে ভাবুকি দি কোৱা হৈছে যে তালিবানৰ স’তে জড়িত এজন ব্যক্তিয়ে আক্ৰমণ চলাব।

ইমেইলটো পোহৰলৈ অহাৰ লগে লগে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ মুম্বাইত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত আৰক্ষী বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

ৰেল ষ্টেচন আৰু বাছ টাৰ্মিনাসমূহত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। ইফালে, আৰক্ষীয়ে জনাইছে, ইমেইল প্ৰেৰকৰ আইপি ঠিকনা পৰীক্ষা কৰিছে ছাইবাৰ চেলে। প্ৰাপ্ত তথ্য অনুসৰি, ভাবুকিৰ মেইলটো পাকিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছে।

আৰক্ষী বিষয়াসকলে কয় যে এই ভাবুকি দিয়া মেইলটো সঠিকভাৱে ক’ৰ পৰা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত বিষয়টোৰ অধিক তদন্ত চলি আছে। অৱশ্যে কোনোবাই ইচ্ছাকৃতভাৱে এনে মেইল ​​প্ৰেৰণ কৰি আতংক সৃষ্টি কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, ইয়াৰ পূৰ্বেও কেবাবাৰো এনে ভাবুকি ই-মেইল আহিছে। কিন্তু এইবাৰ এন আই এৰ কাৰ্যালয়লৈ ভাবুকি মেইল ​​প্ৰেৰণ কৰাৰ ফলত ৰাজ্যৰ আৰক্ষী অধিক সতৰ্ক হৈ পৰিছে।

Exit mobile version