Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

WWW

Taliban :

আফগানিস্তানত, তালিবানে মহিলাৰ উচ্চ শিক্ষাত বাধা দি ফতোয়া জাৰি কৰিছে তালিবানে । দেশখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ।

যাৰ বিৰুদ্ধে মাত মাতিছে শিক্ষিত আফগানসকলে । পদত্যাগ কৰিছে ৬০ জন অধ্যাপকে । ইয়াৰ মাজতে ডিচেম্বৰত, অধ্যাপক ইছমাইল মাছালে এটা লাইভ টিভি অনুষ্ঠানত মহিলাৰ শিক্ষাৰ ওপৰত তালিবানৰ নিষেধাজ্ঞাৰ প্ৰতিবাদত তেওঁৰ ডিপ্লোমা প্ৰমাণপত্ৰ ছিঙি পেলাইছিল। তেওঁ প্ৰতিবাদৰ মূল্য পৰিশোধ কৰিব লগা হ’ল।

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ অধ্যাপকগৰাকীক তালিবান আৰক্ষীয়ে তীব্ৰ প্ৰহাৰ কৰে । তেওঁক বৰ্তমান এক অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰখা হৈছে। অধ্যাপকগৰাকীক আটক কৰি ৰখাৰ কথা স্বীকাৰ কৰিছে তালিবান চৰকাৰে ।

ইছমাইল মাছালে কেবাখনো আফগান বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ প্ৰবক্তা হিচাপে কাম কৰি আহিছে । টিভি অনুষ্ঠানটোত তেওঁৰ প্ৰতিবাদৰ ভিডিঅ’ সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে ।

স্বাভাৱিকতে এই ঘটনাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুখ পুৰিল তালিবান প্ৰশাসনৰ । ফলস্বৰূপে, অধ্যাপকগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে বুলি অনুমান কৰে তেঁওৰ সহায়ক আৰু পৰিয়ালৰ সদস্যসকলে ।

তেওঁলোকে জনাইছে যে অধ্যাপকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে । তাৰ পাছত তেওঁক ঘৰৰ পৰা বাহিৰলৈ লৈ যোৱা হয় আৰু বৰ্তমান তেওঁ ক’ত আৰু কোন খন কাৰাগাৰত ৰখা হৈছে সেয়া জনা নাযায়।

শিক্ষক মাছালৰ সন্দৰ্ভত তালিবান চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক মন্ত্ৰী আব্দুল হক হামাদে টুইট কৰি কয়, “শিক্ষক মাছালে কিছুদিনৰ পৰা ৰাষ্ট্ৰ বিৰোধী প্ৰৰোচনামূলক কামত নিয়োজিত হৈ আছে।” নিৰাপত্তাৰক্ষীয়ে তেওঁক তদন্তৰ বাবে আটক কৰে।”

মাছালৰ সহায়ক ফাজিলে কয়, “কোনো অপৰাধ নকৰাৰ পাছতো মাছলক গ্ৰেপ্তাৰ কৰা হৈছে।” বিগত তিনিটা দশক ধৰি তিনিখন বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে তেওঁ কাম কৰি আহিছে । শিশুৰ বাবে বিনামূলীয়া কিতাপো যোগান ধৰে। সেই মানুহজন এতিয়া কাৰাগাৰত । কোনখন জেলত আটক কৰা হৈছে সেয়াও জানিব পৰা হোৱা নাই।”

তালিবানে মহিলা শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰতিবাদত প্ৰমাণ পত্ৰ ফালি দিয়াৰ প্ৰতিক্ৰিয়াত মাছালে কয় যে এজন সহ নাগৰিক আৰু শিক্ষক হিচাপে মই তেওঁলোকৰ বাবে একো কৰিব নোৱাৰো। মই ভাবো এই চাৰ্টিফিকেটবোৰ অৰ্থহীন।” সেইবাবেই টিভি শ্ব’টোত চাৰ্টিফিকেট ফালি প্ৰতিবাদ কৰিলে।

Exit mobile version