Ex. Pakistan President Pervez Musharraf Dies: পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

WhatsApp Image 2023 02 05 at 12.28.15 PM

Ex. Pakistan President Pervez Musharaf Dies:
পাকিস্তানৰ এসময়ৰ প্ৰচণ্ড ক্ষমতাশালী প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল (অৱসৰপ্ৰাপ্ত) পাৰভেজ মুশ্বাৰফৰ দেহাৱসান ৷ দেশান্তৰিত তদানীন্তন ৰাষ্ট্ৰপতি গৰাকী বহুদিন ধৰি অসুস্থতাৰ পাছত ৭৯ বছৰ বয়সত ডুবাইৰ এখন হাস্পতালত নমাহদিন চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

মুশ্বাৰফে ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম গ্ৰহণ কৰিছিল ৰাজধানী ইছলামাবাদৰ সমীপস্থ এখন চহৰত । ইতিমধ্যে এই কথা সদৰি কৰিছে জিঅ’নিউজ নামৰ সংবাদ পত্ৰ এখনে ৷

উল্লেখ্য যে, চুবুৰীয়া দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰ প্ৰধান গৰাকীয়ে পাক সেনাৰ বিভিন্ন পদৱীত কাৰ্যনিৰ্বাহ কৰি থকাৰ মাজতে ১৯৯৮ ত নিজৰ দক্ষতাৰ বলত জেনেৰেল পদলৈ পদোন্নতি পায় আৰু পৰৱৰ্তী সময়ত স্থল বাহিনীৰ মুৰব্বী পদত নিয়োজিত হয় ৷

সেনাৰ মুৰব্বী পদত কাৰ্যনিৰ্বাহ কৰাৰ মাজতে ২০০১চনত সেনা অভ্যুত্থান ঘটাই নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৱাৱ শ্বৰীফক ক্ষমতাচ্যুত কৰি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ৷

পাৰভেজ মুশ্বাৰফ ২০০১ ৰ পৰা ২০০৮ লৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

Exit mobile version