Vande Bharat Train : এইবাৰ আৰম্ভ হ’ব বন্দে ভাৰত মেট্ৰ’ সেৱা ৰে’লক প্ৰস্তাৱ প্ৰধামন্ত্ৰীৰ

Modi vande Bharat

Vande Bharat Train :

বন্দে ভাৰত ৰে’লৰ ( Vande Bharat Train)সফলতাৰ পাছত, কেন্দ্ৰই এতিয়া বন্দে ভাৰত মেট্ৰ’ মুকলি কৰাৰ পথত ।ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’ল মন্ত্ৰালয়ক এই সন্দৰ্ভত এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই কথা জানিবলৈ দিয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।এই নতুন ৰে’লখন ওচৰতে অৱস্থিত দুটা ডাঙৰ ষ্টেচনৰ মাজত চলিব।

ইউৰোপৰ ৰিজৱাল ট্ৰেন্সৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব বন্দে ভাৰত মেট্ৰ ‘। যিটো ১০০ কিলোমিটাৰৰ ভিতৰত দুটা ষ্টেচনৰ মাজত চলিব। তাৰ সেৱা অতি সঘনাই হ’ব।

যাত্ৰীৰ আৰাম হ’ব বিশ্বমানৰ । ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বন্দে ভাৰতৰ সফলতাৰ পাছত প্ৰধানমন্ত্ৰীয়ে বিশ্বমানৰ আঞ্চলিক পৰিবহন সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।

যাৰ নাম দিয়া হ’ব বন্দে ভাৰত মেট্ৰ’ । অহা এবছৰৰ ভিতৰত ৰেলখন মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। অহা ১২-১৪ মাহৰ ভিতৰত ৰে’লখনৰ প্ৰটোটাইপ ৰাজহুৱা কৰা হ’ব বুলি জনাইছে ৰে’ল মন্ত্ৰীয়ে।

বিত্ত মন্ত্ৰী ( Union Budget)নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত ‘হাইড্ৰজেন ৰেল’ (Hydrogen Train)ৰ বিষয়ে উল্লেখ কৰিছে। যাক কেন্দ্ৰীয় তৰফৰ পৰা ‘বন্দে মেট্ৰ’ বুলিও কোৱা হৈছে ।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ( Ashwini Vaishnaw) টুইট কৰি কয় যে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত দেশৰ মাটিত হাইড্ৰজেন ৰে’লৰ চকা চলিব ।

প্ৰাথমিকভাৱে , নীলগিৰি পৰ্বত ৰেলপথত চলিব এই প্ৰদূষণমুক্ত ৰে’ল। প্ৰাপ্ত তথ্য অনুসৰি, পৰৱৰ্তী পৰ্যায়ত, হাইড্ৰজেন ৰেলখন দাৰ্জিলিং পাহাৰতো চলিব। অৰ্থাৎ দাৰ্জিলিং হিমালয়ান ৰে’লপথত এই ৰে’লখন দেখা যাব। এইবাৰ প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক পৰিবহণ উন্নত কৰাৰ বাবে বন্দে ভাৰত মেট্ৰ’ নামৰ এখন নতুন ৰে’ল অনাৰ প্ৰস্তাৱ দিয়ে।

Exit mobile version