Anti Corruption Raid : মহানগৰীত পুনৰ এজন ঘোচখোৰ বিষয়াই হাত দাঙিলে

87588f22 f7c4 4f3c b01a 80f7f94649d5 1

Anti Corruption Raid :

অসম আৰক্ষীৰ দুনীৰ্তি নিবাৰক তদাৰকী শাখাৰ জালত পুনৰ এজন ঘোচখোৰ বিষয়া ৷ পুনৰ হাত দাঙিলে আৰু এজন ধুৰন্ধৰ বিষয়াই৷মহানগৰীৰ চানমাৰীস্থিত জলসিঞ্চন বিভাগৰ বিষয়া দ্বীপ বনিয়াই পেঞ্চনৰ নামত দুই হেজাৰ টকা উৎকোচ লওতেই হাতে লোটে ধৰা পেলায় দুনীৰ্তি নিবাৰক শাখাই ৷

ইতিমধ্যে ধৃত দ্বীপ বনিয়াক অধিক সোধপোছৰ বাবে দুনীৰ্তি নিবাৰক তদাৰকী শাখালৈ অনা হয় ৷ উল্লেখ্য যে ,আটকাধীন দ্বীপ বনিয়াই দীৰ্ঘদিন ধৰি পেঞ্চনৰ নামত উৎকোচ বিচৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version