Doctor Attack In jalalpur Hospital:কৰ্তব্যৰত চিকিৎসকক শাৰিৰীকভাৱে প্ৰহাৰ কৰি আৰক্ষী জালত এজন

WhatsApp Image 2023 02 06 at 11.24.08 AM

Doctor Attack In jalalpur Hospital:

এই ঘটনা সংঘটিত হয় কাছাৰৰ কালাইন থানাৰ অন্তৰ্গত জালালপুৰ চিকিৎসালয়ত ৷ চিকিৎসকক প্ৰহাৰ কৰা ঘটনাই চিকিৎসক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে এই ঘটনাত হস্তক্ষেপ কৰে ৰাজ্যৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

আনহাতে শাৰীৰিকভাবৱে প্ৰহাৰৰ সন্মুখীন হোৱা চিকিৎসক গৰাকীয়ে লগে লগে গোচৰ ৰজু কৰে কালাইন থানাত ৷
প্ৰাপ্ত খবৰ মতে শনিবাৰে নিশা ৯-৩০ বজাত জালালপুৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰত আছিল ডাঃ ৰোহিত দগা।

হঠাতে কোনো কথাৰ অৱতাৰণা নকৰাকৈ একাংশ উত্তেজিত লোকে চিকিৎসালয় খনত উপস্থিত হৈ চিকিৎসক ডা:দগাক চৰ,বুকু আৰু উপযুপৰি প্ৰহাৰ কৰে ৷ আনহাতে এই দৃশ্য কোনো লোকে ম’বাইল আবদ্ধ কৰি চ’ছিয়েল মেডিয়াত ভাইৰেল কৰে ৷
উল্লেখ্য যে, অভিযোগ অনুসৰি কুছিয়াৰকুল অঞ্চলৰ গুমৰাৰ তথাকথিত সমাজকৰ্মী সুধীৰ দাসৰ নেতৃত্বতে চিকিৎসকক দলবদ্ধ প্ৰহাৰ কৰা হৈছিল ৷

ইতিমধ্যে চিকিৎসকক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছতে ডিজিপি জিপি সিঙৰ তৎপৰতা কনক নাথক দেওবাৰে নামৰ লোক এজনক আটক কৰা হয় যদিও দুপৰীয়া ভাগত ব্যক্তিগত জামিনত এৰি দিয়া হয় ৷ কনক নাথ কুশিয়াৰকুল জিপিৰ সভাপতি মিতা নাথৰ স্বামী ৷

মুল অভিযুক্ত সুধীৰ দাসৰ কৰায়ত্ত কৰাৰ দাবীত জালালপুৰ চিকিৎসালয়ত কনিষ্ঠ চিকিৎসক সকলৰ এক বৈঠক অনুষ্ঠিত হয়  ৷ বৈঠকে মুল অভিযুক্তৰ আটকৰ দাবীত অটল হৈ থাকে ৷

শেহতীয়া খবৰ অনুসাৰে কালাইন থানাৰ মাৰাথন অভিযানৰ অন্তত আত্মগোপন কৰি থকা অভিযুক্ত সুধীৰ দাসক দেওবাৰে নিশা ধৰিবলৈ সক্ষম হয়।

Exit mobile version