UPI : দেশত ইউপিআই লেনদেনৰ নতুন অভিলেখ

179 jpg

UPI :

ভাৰতত ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) লেনদেন ব্যৱস্থা সম্প্ৰতি যথেষ্ট জনপ্ৰিয় হৈছে। যোৱা জানুৱাৰীত ভাৰতত ইউপিআই ভিত্তিক হোৱা লেনদেনৰ পৰিমাণ ৮.০৩ বিলিয়ন হ’ল।

২০২২ৰ ডিচেম্বৰত দেশত ইউপিআই ভিত্তিক লেনদেনৰ পৰিমাণ আছিল ৭.৮২ বিলিয়ন। নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (এনপিচিআই)ৰ তথ্য অনুসৰি, জানুৱাৰীত ইউপিআই ব্যৱস্থাৰে দেশত ১৩ ত্ৰিলিয়ন টকাৰ লেনদেন হৈছিল।

২০২২ ৰ ডিচেম্বৰত ১২.৮ ত্ৰিলিয়ন টকাৰ লেনদেন ইউপিআইৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। এই ঘটনাই প্ৰমাণ কৰিলে যে ভাৰত এতিয়া ডিজিটেল অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হোৱাৰ পথত দ্ৰুতগতিত অগ্ৰসৰ হৈছে।

তদুপৰি ভাৰতত ডিজিটেল পেমেণ্টৰ গ্ৰহণযোগ্যতাও ক্রমাগত বৃদ্ধি পাইছে। ইউপিআই হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে একাধিক বেংক একাউণ্টক এটা একক ম’বাইল এপ্লিকেচনৰ মাধ্যমৰে সংযুক্ত কৰা হয়।

Exit mobile version