Guwahati Pollution: গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ !

মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ - প্ৰশ্বাস জনিত বেমাৰ

WhatsApp Image 2023 02 07 at 8.31.49 PM

Guwahati Pollution:

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে বৃদ্ধি পাছতে প্ৰদুষণ ৷ মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । যাৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে মহানগৰবাসীৰ শ্বাস-প্ৰশ্বাস জনিত বিভিন্ন উপসৰ্গ ।

বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌদিশে ৷ একেদৰে মহানগৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চল সমূহত অবৈধ পাহাৰ ধ্বংস যজ্ঞ ৷

আনহাতে য’তে ত’তে গগণচুম্বী অট্টালিকা নিৰ্মাণ কাৰ্যও প্ৰদুষণৰ অন্যতম কাৰক হৈ পৰিছে ৷ধূলিৰে ধূসৰিত পৰিবেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷

যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ বিগত পাঁচটা দিনৰ মহানগৰীৰ বায়ুৰ মানদণ্ড সূচকাংশ অতি নিম্নতম হৈ পৰাৰ আশংকা কৰিছে অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদে ৷

যোৱা পাঁচটা দিনৰ গুৱাহাটীৰ বায়ুমণ্ডল প্ৰদূষণৰ মাত্ৰা আছিল ক্ৰমে এক ফেব্ৰৱাৰীত ২৬৮, দুই ফেব্ৰুৱাৰীত ২৭৩,তিনি ফেব্ৰুৱাৰীত ২৬৪,চাৰি ফেব্ৰুৱাৰীত ২৯৭, পাঁচ ফেব্ৰুৱাৰীত ৩০৪ ৷ এই পাঁচটা দিনৰ বায়ুমণ্ডলৰ মাত্ৰাই অতি উদ্বেগজনক হিচাপে বিবেচিত হৈছে ৷

মহানগৰীৰ ভয়ংকৰ প্ৰদুষণক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা:অভিজিৎ শৰ্মাই ৷ তেওঁ কয়,অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা বাবেই শেহতীয়াকৈ বহুলোকৰ কাহ,চৰদি আৰু জ্বৰৰ উপসৰ্গ বৃদ্ধি পাইছে ৷ বিশেষকৈ কণ কণ শিশুৰ বেছি আক্ৰান্ত হৈ বিভিন্ন বেমাৰত ৷

এনে প্ৰেক্ষাপটত মহানগৰৰ উন্নয়ণৰ স’তে ওতপ্ৰোতভাবে জড়িত হৈ থকা জি এম ডি এ আৰু জি এম চি সহ আন বিভাগ সমূহে বিশেষ পদক্ষেপ ল’ব লাগে ৷

ৰাজপথ আৰু গছ-গছনিত নিয়মীয়াকৈ পানী ছটিওৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ইয়াৰ উপৰিও গৃহ নিৰ্মাণ বা আন আন নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত অনুষ্ঠান সমূহেও নিজাববীয়াকৈ পানী ছটিওৱাৰ ব্যৱস্থা কৰাটো দৰকাৰ ৷
মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷

Exit mobile version