Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

WhatsApp Image 2023 02 07 at 3.37.02 PM

Maruti Suzuki :

ফেডাৰেচন অৱ অট ম’বাইল ডিলাৰ্ছ এছ’চিয়েচন (এফএডিএ)-এ জানুৱাৰী ২০২৩ত ভাৰতত গাড়ী বিক্ৰীৰ সন্দৰ্ভত নিজৰ প্ৰতিবেদন প্রকাশ কৰিলে।

এফএডিএৰ তথ্য অনুসৰি, যোৱা জানুৱাৰীত দেশত গাড়ী বিক্ৰীৰ সংখ্যা ১৪ শতাংশ বৃদ্ধি পালে। ২০২৩ৰ প্ৰথমটো বৰ্ষত দেশজুৰি বিক্ৰী হ’ল মুঠ ১৮ লাখ ২৬ হেজাৰ ৬৬৯ খন গাড়ী।

২০২২ জানুৱাৰীত দেশত মুঠ ১৬ লাখ ০৮ হেজাৰ ৫০৫ খন গাড়ী বিক্ৰী হৈছিল। যাত্রীবাহী বাহনৰ ক্ষেত্ৰত যোৱা মাহত মাৰুতি ছুজুকীয়ে সর্বাধিক ১.৫০ লাখ বাহন বিক্ৰী কৰিছিল।

আনহাতে, দুচকীয়া বাহনৰ ক্ষেত্ৰত হিৰো মটৰক’ৰ্পে জানুৱাৰীত ৩.৭০ লাখ বাহন বিক্ৰীৰে প্রথম স্থান দখল কৰিলে।

তিনিচকীয়া বাহনৰ বিক্ৰীৰ ক্ষেত্ৰত সৰ্বাধিক ২৪,৫৬৪ খন বাহন বিক্ৰীৰে প্ৰথম স্থান লাভ কৰিলে বাজাজ অট’ৱে। একেদৰে বাণিজ্যিক শ্রেণীত ৩১,৮৪৭ বাহন বিক্ৰীৰে প্ৰথম স্থান দখল কৰিলে টাটা মটছে

Exit mobile version