Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

WhatsApp Image 2023 01 27 at 12.27.33 PM 1

Pathaan :

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ছবিখনে দেশৰ বক্স অফিচত সবাতোকৈ কম দিনত সৰ্বাধিক ৪০০ কোটি টকাৰ ব্যৱসায়ৰ অভিলেখ গঢ়িলে।

ADVERTISEMENT

ছবিখনে মাত্র ১২ দিনতে ভাৰতৰ বক্স অফিচত সংগ্ৰহ কৰিলে ৪০০ কোটি টকা। অতি দ্রুতগতিত ৪০০ কোটিৰ ক্লাবত স্থান লাভ কৰা অভিলেখ সৃষ্টিকাৰী ‘পাঠান’-এ এই ক্ষেত্ৰত ‘বাহুবলী- ২’ আৰু ‘কে জি এফ-২’ৰ ব্যৱসায়কো অতিক্রম কৰিলে।

‘বাহুবলী-২’-এ ১৫ দিনত বক্স অফিচত ৪০০ কোটি টকা উপার্জন কৰিছিল । আনহাতে, ‘কে জি এফ-২’-এ ২৩ দিনত বক্স অফিচত ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

‘‘পাঠান’’-এ ১২ দিনত ভাৰতত মুঠ ৪২৯.৯০ কোটি টকাৰ ব্যৱসায় কৰিলে । ছবি খনে বিশ্বজুৰি ৮৩২ কোটি টকাৰ ব্যৱসায় কৰা বুলি বাতৰিত প্রকাশ ।

Exit mobile version