Chenga Mla Ashraful Hussain :বিপদত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন !

যুৱতী অপহৰণৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে

WhatsApp Image 2023 02 08 at 12.13.37 PM 2

Chenga Mla Ashraful Hussain :

অসম বিধানসভাৰ এজন বিধায়কৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ ৷ বিধায়কজনৰ বিৰুদ্ধে উত্থাপন হৈছে যুৱতী অপহৰণৰ অভিযোগ।

বিধায়কজন হৈছে চেঙা সমষ্টিৰ এআই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন ৷ উদ্থাপিত অভিযোগ অনুসৰি যুৱতী গৰাকীক অপহৰণ কৰি আনি দিছপুৰস্থ বিধায়ক আৱাসৰ চৌহদত থকা বিধায়কজনৰ কোৱাৰ্টাৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল আশ্ৰাফুল হুছেইনে ৷

ৰিতুল হুছেইন নামৰ বিধায়কজনৰ সতীৰ্থ এজনে যুৱতী গৰাকীক অপহৰণ কৰিছিল ৷ পাছত অপহ্ত যুৱতী গৰাকীক লৈ আনে বিধায়ক আশ্ৰাফুলৰ বিধায়ক আৱাসলৈ

উল্লেখ্য যে ৰিতুল হুছেইন ড্ৰাগছ সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগ ৷ ইতিমধ্যে উল্লিখিত অভিযোগ সম্বলিত এক এজাহাৰ দিছপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছিল ছয় ফেব্ৰুৱাৰীত ৷

আনকি এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ। এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়

Exit mobile version