Jorabat kidnapped : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ

অপহৰণ ব্যৱহূত গাড়ী উদ্ধাৰ

5df30b8d a5f9 4be1 ac05 54d728b65e28

Jorabat kidnapped :

মহানগৰীৰ পাশ্বৱৰ্তী আমচিং যোৰাবাটৰ এখন ৰি’জটৰ পৰা অপহ্ত অংকুৰ সুৰাৰ অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ ৷

ইতিমধ্যে অপহ্ত অংকুৰক উদ্ধাৰৰ পাছতে আৰক্ষীয়ে নামি পৰিছে মাৰাথন অভিযানত ৷ উল্লেখ্য যে ,অংকুৰ সুৰানাক ভৰলুমুখ বাসগৃহৰ পৰা যোৰাবাটৰ পি কে ৰি’ৰ্জটত পাৰ্টি কৰাৰ বাবে মাতি অনা হৈছিল হৈছিল ৷ পাৰ্টিৰ পাছতে অতি কৌশলৰে অপহৰণ কৰা হয় মহানগৰীৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ীৰ পুত্ৰ অংকুৰক ৷

ইতিমধ্যে আৰক্ষীৰ তৎপৰতাত অংকুৰক উদ্ধাৰ কৰাৰ পিচতে পূৰ্ব গুৱাহাটী আৰক্ষী জিলাৰ উপায়ুক্ত দেৱাশিষ বৰাই অপহৰণ কাণ্ড সন্দৰ্ভত বিশেষ তথ্য দাঙি ধৰে ৷

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ খৰটকীয়া পদক্ষেপ অনুসৰি আৰক্ষীয়ে পিকে ৰিজ’ৰ্টৰ প্ৰৱন্ধক ৰূপম দাস,গাণনিক ৰাজেন কাইমাল,ৰিজৰ্ট খনৰ কৰ্মচাৰী হৰেন দাস,আজাহাৰ চৌধুৰী আৰু গৌতম দাসক আটকৰ পাছতেই আৰক্ষীয়ে সাতগাঁওৰ পৰা উদ্ধাৰ কৰে অপহৰণত ব্যৱহ্ত এএছ০১বি টি- ১০৭৬ নম্বৰৰ চুইফট ডিজায়াৰ বাহন খন ৷

উল্লেখ্য যে,জব্দকৃত বাহন খনৰ গৰাকী হ’ল গৌতম দাস ৷ আৰক্ষীয়ে জেৰাত গৌতমে উল্লেখ কৰে যে অপহৰণত ব্যৱহ্ত বাহন খন অপহৰণকাৰীয়ে এঘাৰশ টকাৰ বন্দোবস্তি কৰিছিল ৷ কিন্ত তেওঁ অপহৰণ সন্দৰ্ভত একো নাজানে বুলি ভাষ্য প্ৰদান কৰে ৷

মহানগৰ আৰক্ষীৰ ডি চি পি দেৱাশিষ বৰাই অপহৰণ কাণ্ড সম্পৰ্কত অধিক তথ্যৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে ৷
স্মতৰ্ৱ্য যে অপহৰণকাৰীয়ে অংকুৰৰ অপহৰণ কৰাৰ পাছত মুক্তিপণ হিচাবে অংকুৰৰ ভগ্নীক ইন্টাৰনেট ফোন যোগে দাবী কৰে ১৯ কোটি টকাৰ ১০৪ টা বিটকইন ৷

মহানগৰ আৰক্ষীয়ে মাৰাথন তদন্তৰ অন্তত নিশ্চিত হয় এই অপহৰণ কাণ্ড মুল মাষ্টাৰ মাইণ্ড আছিল পি কে ৰি’ৰ্জটৰ স্বত্বাধিকাৰ প্ৰৱাল কলিতা সহ আন দুজন যুৱক ৷ একেদৰে জড়িত আছে গুৱাহাটীৰ এজন ডি জে ৷ অংকুৰ উদ্ধাৰ হোৱাৰ পৰাৰ পাছৰে পৰা দুয়োজন পলাতক অৱস্থাত আছে ৷

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্যানুসৰি অপহৰণ কাণ্ডৰ স’তে জড়িত দলটোৱে ৰি’ৰ্জটত প্ৰায়ে নৈশ পাৰ্টিৰ আয়োজন কৰিছিল ৷য’ত পাৰ্টিত ভাগ লোৱা যুৱক-যুৱতীক যোগান ধৰা হৈছিল ড্ৰাগছ সহ বিভিন্ন নিচাযুক্ত টেবলেট ৷

Exit mobile version