Massive Lay off In Zoom : এইবাৰ জুমে আৰম্ভ কৰিলে ছাটাই অভিযান

1675837815 zoom office

Massive Lay off In Zoom :

টুইটাৰ, গুগল, মাইক্ৰ’ছফ্টৰ পাছত এইবাৰ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰাৰ সিদ্ধান্ত লয় জুম সংস্থাৰ চিইঅ’ এৰিক ইউয়ানে ।

ৰয়টাৰ্সৰ তথ্য অনুসৰি ১৩০০ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰা হ’ব, যিটো মুঠ কৰ্মশক্তিৰ ১৫ শতাংশ। অৱশ্যে চাকৰিৰ পৰা ছাটাইৰ সময়ত কৰ্মচাৰীসকলক কিছু বিশেষ সুবিধা প্ৰদান কৰিছে কোম্পানীয়ে।

এৰিকে জনাইছে, যিসকলক চাকৰিৰ পৰা ছাটাই কৰা হৈছে তেওঁলোকক কোম্পানীয়ে ১৬ সপ্তাহৰ দৰমহা আগতীয়াকৈ প্ৰদান কৰিব।

তেওঁলোকৰ স্বাস্থ্য বীমাও থাকিব। ২০২৩ চনৰ বিত্তীয় বৰ্ষৰ ভিত্তিতো নিৰ্দিষ্ট পৰিমাণৰ বোনাছ দিয়া হ’ব।যিসকল কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰা হৈছে, যদি তেওঁলোক আমেৰিকাৰ বাসিন্দা হয়, তেওঁলোকক মেইলযোগে অৱগত কৰা হ’ব।

যিসকল কৰ্মচাৰী আমেৰিকাৰ বাসিন্দা নহয় তেওঁলোকক তেওঁলোকৰ কাৰ্যালয়ে সকলো নিয়মৰ বিষয়ে অৱগত কৰিব। ৰয়টাৰৰ সূত্ৰ অনুসৰি এৰিকেও শ্ৰমিকসকলক এটা বাৰ্তা প্ৰদান কৰে। এৰিক কয় যে ২০২০ চনৰ অক্টোবৰ মাহৰ তুলনাত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৯০ শতাংশ হ্ৰাস পাইছে।

মহামাৰীৰ ফলত বহু শ্ৰমিকক সংস্থাটোৱে নিযুক্তি দিছিল। অধিকাংশ শ্ৰমিকে ঘৰৰ পৰাই কাম কৰিবলৈ সুবিধা পাইছিল ।

বৰ্তমান পৰিস্থিতি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিলে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে শ্ৰমিকক চাকৰিৰ পৰা ছাটাই কৰাৰ সিদ্ধান্ত লৈছে।

আগন্তুক বিত্তীয় বৰ্ষত তেওঁৰ দৰমহাৰ ৯৮ শতাংশ কৰ্তন কৰা হ’ব বুলিও এৰিকে কয়। কেৱল সেয়াই নহয়, সংস্থাটোৰ জ্যেষ্ঠ কৰ্মচাৰীসকলৰ দৰমহা ২০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্তও লোৱা হৈছে।

এৰিকে কৰ্মচাৰীসকললৈ মেইল কৰি লিখিছে , ” আমি সকলোৱে একেলগে অক্লান্তভাৱে পৰিশ্ৰম কৰিছিলো। কিন্তু ক’ৰবাত আমাৰ ভুল হৈছে। আমাৰ কাম সঠিকভাৱে আগবাঢ়িছে নে নাই সেইটো নিৰীক্ষণ কৰিবলৈ আমি পৰ্যাপ্ত সময় দিয়া নাই। সংস্থাৰ বহু কৰ্মচাৰী আছে যিয়ে কামৰ মাজতে মোৰ এই মেইলটো পঢ়িছে । বহুতে শুৱাৰ পৰা উঠি এই দু সংবাদটো পাইছে । এই ঘটনাটোৱে মোক সচাকৈয়ে মৰ্মাহত কৰিছে। সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।”

Exit mobile version