Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

32648def 6ddb 431f 8dd3 afc4a62461a8

Nalbari :

অতি সাহসিকতাৰে পাঁচজনীয়া এটা দুধর্ষ ডকাইতৰ দলৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ মুকালমুৱাৰ ছগৰাকী যুৱকক আজি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে তেওঁলোকক নগদ ধনেৰে পুৰস্কৃত কৰে। নলবাৰীৰ মুকালমুৱাৰ যুৱককেইজন ক্ৰমে , ৰাতুল মেধি, পার্থ প্রতিম বর্মণ, হিমাংশু বর্মণ, পংকজ মেধি, চিন্টু বৰ্মণ আৰু পংকজ বৰ্মণ।

যুৱককেইজনক সম্বৰ্ধনা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান সিঙে তেওঁলোকৰ এনে সামাজিক দ্বায়বদ্ধতা আৰু সাহসিক কাৰ্য্যৰ ভূয়সী প্রশংসা কৰি ভৱিষ্যতেও তেওঁলোকক সমাজৰ স্বাৰ্থত কাম কৰি যোৱাৰ আহ্বান জনায়।

সঞ্চালক প্ৰধানগৰাকীয়ে অপৰাধজনিত কাৰ্য্যকলাপ প্রতিহত কৰাত ৰাইজৰ সহযোগিতা অপৰিহাৰ্য্য বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য, যোৱা ৩১ জানুৱাৰীৰ নিশা প্রায় ন বজাত পাঁচজনীয়া এটা ডকাইতৰ দলে মুকালমুৱাৰ কপলাবৰীৰ আমিৰ আলী নামৰ লোকজনক পিষ্টল দেখুৱাই ভাবুকি দিয়ে আৰু মাৰধৰ কৰি তেওঁৰ গেলামালৰ দোকানৰ পৰা এঘাৰ লাখ টকা ডকাইতি কৰি ক্ষিপ্রতাৰে এখন মাৰুতি ইক’ ভেন বাহনেৰে সেই স্থানৰ পৰা উধাও হয়।

কিন্তু কিছুদূৰ যোৱাৰ পাছত ১নং বতলা গাঁৱত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটাত ডকাইতৰ দলটোৱে বাহনখন ৰাখিবলৈ বাধ্য হয়।

সেই সময়তে এজন স্থানীয় যুৱকে বাহনখন প্রত্যক্ষ কৰি আৰোহীকেইজনক ডকাইত বুলি সন্দেহ হোৱাত তেওঁ লগৰ আন পাঁচজন যুৱকক খবৰ দিয়ে আৰু আটাইকেইজন যুৱক বাহনখনৰ ওচৰলৈ যোৱাত পাঁচজনীয়া ডকাইতৰ দলটোৱে বাহনখন এৰি পলাই যায়। যুৱককেইজনেও ডকাইতৰ দলটোক পিছে পিছে খেদি তাৰে জয়দেৱ মহন্ত নামৰ দুধর্ষ ডকাইতটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আন চাৰিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলাই যায়। খবৰটো লাভ কৰি সেই স্থানত লগে লগে মুকালমুৱা আৰক্ষীও উপস্থিত হয়। মুকালমুৱা আৰক্ষীয়ে P.S.42/23 U/S 395/325/307/365 IPC R/W 25 (1-A) Arms Act নম্বৰত গোচৰ ৰুজু কৰি ব্যাপক তদন্ত অব্যাহত ৰাখিছে। ডকাইতৰ এই দলটোৱে বিভিন্ন ঠাইত এনে ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে।

Exit mobile version